Local, Vocal, Global

WATCH | Jamugurihat News: জামুগুৰিহাটত শ্ৰীমন্তশঙ্কৰদেৱৰ সংঘৰ অধিবেশনৰ প্ৰস্তুতি

জামুগুৰিহাট,২৩ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত আজি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ পাঁচ হেজাৰৰো অধিক আইমাতৃ ভকত বৈষ্ণৱ সকল একত্ৰিত হৈ অধিবেশনৰ বাবে খেৰ কটা পৰ্ব্বত অংশগ্ৰহন কৰে(Jamugurihat News)৷

হৰি নামেৰে মুখৰিত হৈ বৈকুণ্ঠপুৰীত পৰিনত হোৱা এই অনুষ্ঠানৰ জৰিয়তে আই মাতৃ ভকত বৈঞ্চৱ সকলে আগন্তুক ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটৰ ধলাইবিলত অনুষ্ঠিত হব লগা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিবেশন খনি সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যেৰে এনেদৰেই পাঁচ সহশ্ৰাধিক আইমাতৃ ভকত বৈঞ্চৱক একত্ৰিত হোৱা পৰিলক্ষিত হয় ৷

উল্লেখযোগ্য যে এসময়ত সন্দেহযুক্ত নাগৰিকৰ দপদপনি থকা এই চৰ চাপৰি অঞ্চলত বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত স্থানীয় ৰাইজৰ সহযোগত এই বৃহৎ ভূমিখণ্ড উদ্ধাৰ কৰি এই অনুষ্ঠানৰ বাবে উপযোগী কৰি তোলাৰ বাবে বিধায়ক গৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বিষয়ববীয়া সকলে৷

আনফালে ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে আগুন্তক শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ অধিবেশনত খাদ্যৰ বাবে প্ৰয়োজনীয় সকলো শাক পাচলী তথা শস্য সামগ্ৰী কন্যকা বহুমুখী পামত জৈৱিকভাবে উৎপাদন কৰি যোগান ধৰা হব ৷

লগতে পঢ়ক :WATCH | Debabrata Saikia: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক দিল্লীলৈ তলব কৰা সন্দৰ্ভত – দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া