WATCH | Jamugurihat News: ৰঙাপৰাৰ উৰহীলগা মধ্য ইংৰাজী আৰু হাইস্কুলৰ সীমাবেৰা-শ্রেণী কোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন BTR প্ৰধান প্রমোদ বড়োৰ
জামুগুৰিহাট,২২ফেব্ৰুৱাৰী : ৰঙাপৰাৰ উৰহীলগা মধ্য ইংৰাজী আৰু হাইস্কুল প্ৰাংগনত ২০২৪-২৫ বৰ্ষৰ ষষ্ঠ এ, এচ,এম,চি আঁচনিৰ অধীনৰ ১২ লাখ টকা ব্যয় সাপেক্ষে নির্ম্মাণ হ’বলগীয়া স্মার্ট ফেঞ্চিং সীমা নিৰ্মাণ আৰু সাধাৰণ বাজেটৰ আঁচনিৰ ধনেৰে শ্ৰেণী কোঠা নিৰ্ম্মাণৰ আধাৰ শিলা স্থাপন কৰে বি টি আৰ (BTR)প্রধান প্রমোদ বড়োয়ে।
এক মাংগলিক পৰিবেশৰ মাজত বি টি আৰৰ প্রধান প্রমোদ বড়োৱে উৰহীলগা মধ্য ইংৰাজী আৰু হাইস্কুল প্ৰাংগনত উপস্থিত হৈ এই আধাৰ শিলা স্থাপন কৰে।
ভাষণ প্ৰসংগত প্রমোদ বড়োয়ে কয় যে শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ ভৱন নিৰ্মাণ, গণেশ মন্দিৰ নিৰ্মাণ, উৰহীলগা ৰঙাপৰা সংযোগী পথটি নির্মাণ আৰু কণ কণ শিশুসকলৰ শাৰিৰীক আৰু মানসিক বিকাশৰ বাবে অংগনাবাদী কেন্দ্র নির্মাণৰ বাবে ৰাইজে দাবী জনাইছে(Jamugurihat News)।
উৰহীলগা অঞ্চলত শ্বহীদ বীৰ বীৰছা মুণ্ডা নিৰ্মাণৰ বাবে পাঁচ লাখ টকা পুঁজি আবণ্টন দিয়া হ’ব। পথ নিৰ্মাণ আৰু অংগনাবাদী কেন্দ্রটি নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে শীঘ্ৰেই যোগাযোগ কৰা হব। বড়োসকলৰ ৰাজনৈতিক অধিকাৰৰ বাবে ইতিমধ্যে দুটাকৈ স্বায়ত্ব শাসিত পৰিষদ গঠিত হৈ আছে। স্বায়িত্ব শাসিত অঞ্চলত বসবাস কৰি থকা বড়োসকলৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ ৰাইজৰ সাৰ্বাংগীন উন্নয়ন ও
বিকাশৰ বাবে কাম কৰি থকা হৈছে।
বড়োসকলৰ সমান্তৰাল ভাৱে অন্য জনগোষ্ঠীৰ ৰাইজৰো সমস্যাসমূহ সমাধান হ’ব লাগে। বি টি আৰ অঞ্চলত ইউ পি পিল চৰকাৰে ৰাইজৰ মাজত ভেদাভেদ সৃষ্টি নকৰি সমন্বয় গঢ়িবলৈ সক্ষম হৈছে।
লগতে BTR প্ৰধান প্রমোদ বড়োৱে হাগ্ৰামা মহলাৰীক কটাক্ষকৰি কয় যে বড়োলেণ্ডত প্ৰায় ১৭ বছৰ শাসন চলালে আৰু আমি মাত্র ৪ বছৰ ধৰি ৰাইজৰ স্বাৰ্থত কাম কৰি গৈছে। মহামাৰী ক’ভিডৰ সময়ত ইউ পি পিল চৰকাৰে কাম কৰিবলৈ সক্ষম হোৱা নাছিল। হাগ্ৰামা মহিলাৰীৰ দিনত তিনিবাৰকৈ গোষ্ঠীগত সংঘৰ্ষ হৈছিল মানুহৰ তেজেৰে ৰঙালী হৈ পৰিছিল। বড়ো-অনাবড়োৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল।
মানুহে অশান্তিৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছিল সেই কথা সমগ্ৰ অসমৰ ৰাইজে পাহৰা নাই। বিজেপি চৰকাৰ আৰু আমাৰ চৰকাৰৰ দিনত বি টি আৰলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। হাগ্ৰামা মহিলাৰীৰ দিনত ২ হাজাৰ ৯ শ কোটি টকাৰ কেলেংকাৰী কৰি থৈ গ’ল।
চাৰিটা বছৰত আমাৰ চৰকাৰে কিমান উন্নয়নমূলক কাম কৰিলো সেইয়া হাগ্ৰামা মহিলাৰীয়ে ২৪ ঘণ্টা বাদেই ৪৮ ঘণ্টা বহি চিন্তা কৰিলেও শেষ নহ’ব। বৰ্তমানৰ বি টি আৰত ৰাইজৰ আৰ্শীবাদত দুর্নীতি-অপশাসন আঁতৰাই ভাল শাসন চলাই যাবলৈ সক্ষম হোৱাত আমি আনন্দিত হৈছো। বি টি আৰত থকা বড়ো আৰু অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকৰণ কৰাৰ ক্ষেত্ৰতো এবছু আৰু বড়ো সাহিত্য সভাই অসম চৰকাৰৰ সৈতে আলোচনা কৰি আছে।
লগতে পঢ়ক : WATCH | Jamugurihat Theft: জামুগুৰিহাটৰ চৈবাৰী ব্যৱসায় কেন্দ্ৰত চুৰিকাণ্ড