Jamugurihat News :শীতৰ আগমনৰ লগে লগে জাক জাক পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ মন্ট পুখুৰী
জামুগুৰিহাট,১৮নৱেম্বৰ: শীতৰ আগমনৰ লগে লগে জাক জাক পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ মন্ট পুখুৰী৷ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণৰে এতিয়া উখল মাখল হৈ পৰিছে জামুগুৰিহাটৰ এই মন্ট পুখুৰীটো। জামুগুৰিহাটৰ বৰভগীয়া গাঁও খনত থকা বিশ বিঘাৰো অধিক ব্যাসাৰ্দ্ধৰ এই প্ৰকাণ্ড পুখুৰীটোত এতিয়া পুৱা আৰু গধূলিৰ ভাগত বিচৰণ কৰিছে চাকৈচকোৱা, পেলিকান,পাতিহাঁহ,শৰালী , নাইপকে ধৰি হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষী(Jamugurihat News)।
পৰিভ্ৰমী পক্ষীৰ নান্দনিক জলকেলিৰ দৃশ্যই মুগ্ধ কৰিছে সকলোকে।
নৱেম্বৰৰ মাহৰ প্ৰথম দুই এদিনৰ ভিতৰতে প্ৰতিবছৰেই আগমন ঘটা এই পৰিভ্ৰমী চৰাই সমুহ চাৰি পাঁচ মাহ থকাৰ পিছত মাৰ্চ মাহৰ শেষৰ পিনে পুনৰ এই স্থানৰ পৰা আতৰি যায়।
উল্লেখ্য যে আঞ্চলটোৰ ৰাইজে পৰিভ্ৰমী পক্ষীৰ বিচৰণৰ বাবে এক অনুকূল পৰিৱেশ তৈয়াৰ কৰি দিয়াৰ বাবেই জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এই মন্ট পুখুৰীত প্ৰতি বছৰেই নিৰ্ভয়ে আৰু নিসংকোচে বিচৰণে কৰেহি এইসমূহ পৰিভ্ৰমী পক্ষীয়ে।
লগতে পঢ়ক :Zubeen Garg Celebrates 53th Birthday Today: আজি হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ওপজা দিন