WATCH |Jamugurihat News: জামুগুৰিহাটত মহিলাৰ উৎকৃষ্ট নিদৰ্শন
জামুগুৰিহাট,২০ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ ধলাইবিল বৰমতা গাঁৱত চলিছে কাঠৰ আচবাব তৈয়াৰ কৰা মহিলাৰ এক প্ৰশিক্ষণ কৰ্মশালা৷ গ্ৰাম্য বিকাশ যোজনাৰ অধিনত প্ৰথম পৰ্যয়ত গ্ৰাম্যাঞ্চলৰ ২০ গৰাকী মহিলাক পেলনীয়া কাঠৰ টুকুৰাৰ দ্বাৰা ৰন্ধনশালাত প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী নিৰ্মানৰ এই প্ৰশিক্ষণ প্ৰদান কৰিছে সুদক্ষ প্ৰশিক্ষক তথা কুটিৰশিল্প সাধক সুদীপ্ত ঘোষে৷
বৰ্তমান ধলাইবিলৰ বৰমতা গাঁৱৰ এই সকল মহিলাই পেলনীয়া কাঠৰ টুকুৰা সমুহ সংগ্ৰহ কৰি নিজ হাতে খোদিত কাঠৰ বাচন , চৰিয়া,বেলনা, হেতা চামুচকে ধৰি বিভিন্ন বাচন বৰ্তনৰ লগতে কাঠৰ পুটলা সমুহ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে(Jamugurihat News)৷
প্ৰশিক্ষক গৰাকীৰ মতে মহিলা সৱলীকৰণ তথা গ্ৰামাঞ্চলৰ মহিলা সকলক স্বনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ বাবেই এই ২০ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে৷
প্ৰশিক্ষন কৰ্মশালাৰ নেত্ৰী স্থানীয় উদ্যমী মহিলা ডেমতা মলুৱাই জানিবলৈ দিয়া মতে এই প্ৰশিক্ষণ প্ৰাপ্ত মহিলা সকল স্বনিৰ্ভশীল হৈ আন আন মহিলা সকলৰ বাবে আদৰ্শ হৈ পৰিব৷ সমাজখনত নিজকে একোগৰাকী সৱল নাৰী হিচাবে প্ৰতিষ্ঠা কৰি পৰিয়াল ভৰন পোষনৰ পথ সুগম কৰি তুলিব পাৰিব ।
নেত্ৰী গৰাকীয়ে আৰু কয় যে পোন প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল বৰমতা গাঁৱত এই প্ৰশিক্ষণ দিয়া হৈছে যদিও পৰবৰ্তী প্ৰৰ্য্যায়ত অন্যান্য গাঁও সমুহতো এনেধৰনৰ প্ৰশিক্ষণ কৰ্ম্মশালা অনুষ্ঠিত কৰা হব।অঞ্চলটোৰ ৰাইজে মহিলা সকলৰ এনে প্ৰশংসনীয় পদক্ষেপৰ আদৰনী জনাইছে ৷
লগতে পঢ়ক: Rakibul Hussain : গৌৰৱ গগৈ প্ৰসংগত কংগ্ৰেছ সাসংদ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া