Local, Vocal, Global

Jamugurihat News : ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ ই-ৰিক্সা

জানুগুৰিহাট,২ফেব্ৰুৱাৰী : ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ ই-ৰিক্সা ৷

বৰজুলি চাহ বাগিচাৰ ২১ নং শাখাত এটা পথৰ কাষতে বিগত তিনিদিন ধৰি পৰি আছে ই-ৰিক্সাখন। মালিক বিহীন AS-12- ER- 0321 নম্বৰৰ ই-ৰিক্সাখনত থকা চাৰিটা বেটাৰী চোৰে চুৰি কৰি লৈ যায়। স্থানীয় লোকে পৰিত্যক্ত অৱস্থাত থকা ই-ৰিক্সাখন প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে(Jamugurihat News)।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ৰঙাপৰা আৰক্ষী। আৰক্ষীয়ে ই-ৰিক্সাখন উদ্ধাৰ ৰঙাপৰা আৰক্ষী থানালৈ লৈ যায়। ৰঙাপৰাত দিনক দিনে ই-ৰিক্সাৰ বেটাৰী চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত ই-ৰিক্সাৰ চালকসকল চিন্তিত হৈ পৰিছে।

লগতে পঢ়ক :Road accident in Nagaon: যাত্ৰীবাহী বাছে ভাঙিলে পথৰ দাঁতিত থকা দোকান