Local, Vocal, Global

Jamugurihat News: জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ১নম্বৰ বাটমাৰীত সাপ্তাহিক শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ

জামুগুৰিহাট,৩০জানুৱাৰী : জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ১নম্বৰ বাটমাৰীত সাপ্তাহিক শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ ৷ আজিৰে পৰা শুভাৰম্ভ হোৱা শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ উপলক্ষে পুৱাই জল যাত্ৰা কাৰ্য্যসূচী সম্পন্ন হয়।

গাঁওখনৰ সমাজহিতৈসী পৰিয়ালৰ তৰফৰ পৰা দিল্লীৰাম নেৱাৰ,যশোদা নেৱাৰ,ৰেখা নেৱাৰ আৰু শোভা নেৱাৰৰ বিশেষ তৎপৰতাত গাঁওবাসী ৰাইজৰ সহযোগত স্বৰ্গীয় বল বাহাদুৰ নেৱাৰ আৰু গংগামায়া নেৱাৰৰ আত্মাৰ শান্তিও স্মৃতি ৰক্ষাৰ্থে পৰিয়ালৰ লগতে গাঁওবাসীৰ মংগল আৰু বিশ্বশান্তি কামনাৰে এই সাপ্তাহিক শ্ৰীমদ্ভাগৱত জ্ঞান মহাযঞ্জৰ আয়োজন কৰা হৈছে(Jamugurihat News)।

পুৱাই মাংগলিক নীতি নিয়মে গায়ন বায়ন যোৰাৰ সহযোগত শ শ ভক্ত প্ৰাণ মহিলা পুৰুষে জীয়া ভৰলী নদীৰ ঘাটৰ পৰা কলহত পানী ভৰাই জল যাত্ৰা কৰাৰ পিছতে আৰম্ভ হব অন্যান্য ধৰ্ম্মীয় কাৰ্য্যসূচী৷

লগতে পঢ়ক :Chapar Dacoity:চাপৰ-শালকোচা আৰক্ষীৰ জালত ডকাইত