Jamugurihat News : জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা
জামুগুৰিহাট,৭জানুৱাৰী : চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ আজি অন্তিমটো দিন৷
অন্তিমটো দিনৰ মূল কাৰ্যসুচী গ্ৰন্থ উন্মোচনী আৰু মুকলি সভাত মূখ্য অতিথি হিচাবে উপস্থিত আছিল অসম চৰকাৰৰ জলসম্পদ,সংসদীয় পৰিক্ৰমা,তথ্য জনসংযোগ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা।
নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় শৈক্ষিক ক্ষেত্ৰখনক সামৰি মনস্তাতিক ভাষণৰে উপস্থিত ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা দিয়া পৰিলক্ষিত হয়৷ মন্ত্ৰীগৰাকীয়ে যুগৰ লগত খাপ খাব পৰা শৈক্ষিক দিশৰ লগত তুলনা কৰিও ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ মন্তব্যও আগবঢ়াই(Jamugurihat News)৷
“বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ সাংস্কৃতিক আন্দোলনৰ ৰূপৰেখা” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ আন্ত:গাঁঠণিৰ বাবে ২০ লাখ টকাৰ অনুদানো আগবঢ়াই৷
উল্লেখ্য যে, বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা গ্ৰন্থখন প্ৰকাশৰ সকলো খৰচ বহন কৰিছিল মন্ত্ৰীগৰাকীয়ে৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মা,বিধায়ক গণেশ লিম্বু,বিদ্যালয়খনৰ অৱসৰী অধ্যক্ষ জনাৰ্দন ভূঞা,অৱসৰী শিক্ষক সদানন্দ নাথকে ধৰি বহু গন্য মান্য লোক উপস্থিত আছিল৷ অন্তিম দিনাৰ শেষ কাৰ্যসুচী নিশালৈ অনুষ্ঠিত সাংস্কৃতিক সন্ধ্যাত গীত পৰিবেশন কৰিব জনপ্ৰিয় শিল্পী দীক্ষুয়ে৷
লগতে পঢ়ক :Rhino attack injures one in Jagiroad : জাগীৰোডত গঁড়ৰ আক্ৰমণত আহত এজন লোকক