Jamugurihat News :জামুগুৰিহাটত দুটাকৈ গাঁওপঞ্চাতৰ কাৰ্য্যালয় গৃহৰ আধাৰশিলাৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাট,৬জানুৱাৰী : জামুগুৰিহাটত দুটাকৈ গাঁওপঞ্চাতৰ নতুন কাৰ্য্যালয় গৃহৰ আধাৰশিলাৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ।নদুৱাৰ উন্নয়ন খণ্ডৰ অধীনৰ জামুগুৰিহাটৰ দক্ষিন মূঢ়াদল গাঁওপঞ্চায়ত আৰু চকীঘাট গাঁওপঞ্চায়তৰ আজি দুটাকৈ নতুন কাৰ্য্যালয় গৃহৰ নিৰ্মন কাৰ্য্যৰ আধাৰশিলাৰ শুভাৰম্ভ কৰে(Jamugurihat News)।
গাঁওপঞ্চায়তৰ বিষয়ববীয়া আৰু কনিষ্ঠ অভিজন্তাৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত আয়োজিত আধাৰশিলা অনুষ্ঠানত বিধায়ক গৰাকীয়ে কয় যে, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বৰাজ আঁচনিৰ পূঁজিৰ আৱন্তিত ধনেৰে অত্যাধুনিক ভাবে আটকধুনীয়াকৈ নিৰ্মন হ’বলগীয়া গাঁও পঞ্চায়তৰ এই নতুন কাৰ্য্যালয় গৃহ নিৰ্মনৰ কাম অতি কম দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷
আগন্তুক ৰঙালী বিহুৰ পূৰ্বেই এই নতুন কাৰ্য্যালয় সমুহৰ জৰিয়তে ৰাইজৰ সমস্যা সমাধানৰ প্ৰচেষ্টা চলোৱা হ’ব ৷ গ্ৰাম্যাঞ্চলৰ ৰাইজে নিজৰ অভাৱ অভিযোগ সমূহ এই কাৰ্য্যালয়ৰ জৰিয়তে পঞ্চায়ত প্ৰতিনিধি বিষয়াৰ ওচৰত দাখিল কৰি সমাধান কৰাত সহায়ক হ’ব ৷
লগতে পঢ়ক :Five cattle thieves arrested in Jamugurihat : জামুগুৰিহাটত পাঁচটাকৈ গৰু চোৰক গ্ৰেপ্তাৰ