Jamugurihat News: ৰঙাপৰাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নির্মানত ব্যাপক অনিয়ম
জামুগুৰিহাট,৫নৱেম্বৰ : ৰঙাপৰাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নির্মানত ব্যাপক অনিয়ম ৷
ৰঙাপৰাৰ আদর্শ অংগনৱাড়ী কেন্দ্ৰৰ গৃহ নির্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম। ঠিকাদাৰে নীতিবর্হিভূত ভাৱে নির্মাণ কার্য চলাই থকাত স্থানীয় সচেতন ৰাইজে অতিষ্ঠ হৈ অৱশেষত বন্ধ কৰি দিয়ে নিৰ্মাণ কার্য।
বালিপৰা সংহত শিশু উন্নয়ন প্রকল্প কার্যালয়ৰ অধীনত থকা পগলাবিল অংগনৱাড়ী কেন্দ্ৰটি আদর্শ অংগনৱাড়ী কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে ২৫ লাখ টকা আবণ্টন দিয়ে। কিন্তু পকীৰ খুটাবোৰ ধালাই কৰাৰ সময়ত ঠিকাদজনে চিপচ,বালি আৰু চিমেণ্ট ব্যৱহাৰ কৰিব লাগিছিল যদিও ধন আত্মসাৎ কৰাৰ উদ্দেশ্যৰে চেণ্ড-গ্রেভেল আৰু চিমেণ্টৰে পকীৰ খুঁটাবোৰ ধালাই দি নিৰ্মন কৰে। ১৩ টাকৈ পকীৰ খুটা দুর্নীতি পৰায়ণ ঠিকাদাৰজনে শিল-বালিৰে নিৰ্মাণ কৰাত স্থানীয় সচেতন ৰাইজৰ চকু কপালত উঠে(Jamugurihat News)।
চৰকাৰী নীতি-নির্দেশনা অনুসৰি নিৰ্মাণ কাৰ্য চলাই থকা বুলি ঠিকাদাৰজনে সদৰী কৰাত ৰাইজ জাঙুৰ খাই উঠে। নিম্নমানদণ্ডৰে অংগনৱাড়ী কেন্দ্ৰটি নিৰ্মাণ হোৱাৰ পিছত কণ কণ শিশুসকলৰ ভৱিষৎ সুৰক্ষিত হৈ থাকিবনে বুলি ৰাইজে এক প্রশ্ন অৱতাৰণা কৰে। ব্যাপক অনিয়মেৰে অংগনৱাড়ী কেন্দ্ৰৰ গৃহটিৰ নিৰ্মাণ কাৰ্য চলাই থকা ঠিকাদাৰজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ ৰাইজে সংশ্লিষ্ট বিভাগটোক দাবী জনাইছে।