Local, Vocal, Global

Jamugurihat News:অন্ধবিশ্বাসৰ কৰাল গ্ৰাস;তিলক কোচ নামৰ এজনৰ বাৰীত আবিৰ্ভাৱ ঘটিছে সৰ্প দেৱতাৰ!

জামুগুৰিহাট,৫ডিচেম্বৰ : অন্ধবিশ্বাসৰ কৰাল গ্ৰাস। তিলক কোচ নামৰ এজনৰ বাৰীত হেনো আবিৰ্ভাৱ ঘটিছে সৰ্প দেৱতাৰ। সেয়ে মংগল কামনাৰে আশীৰ্বাদ ল’বলৈ সোঁত বৈছে অগণন লোকৰ সংখ্যা।

ৰাজ্যৰ ভিতৰুৱা অঞ্চল সমূহত এতিয়াও অন্ধবিশ্বাসে সৰ্বসাধাৰণৰ ৰাইজৰ মাজত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি আছে তাৰে শেহতীয়া উদাহৰণ শোণিতপুৰৰ এটি অঞ্চল৷ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বামুনজুলিৰ আমলগা গাঁওখনত যোৱা সোমবাৰৰ পৰাই বিৰাজ কৰিছিল এক বিশেষ পৰিস্থিতিৰ ৷

গাঁওখনৰ তিলক কোঁচ নামৰ লোকজনৰ বাসগৃহ চৌহদৰ বাৰীৰ পিছফালে যোৱা প্ৰায় এটা সপ্তাহে সোঁত বৈছিল ভালে সংখ্যক লোকৰ ৷ নিজৰ মংগল কামনা তথা আশীৰ্বাদ বিচাৰি এইসকল লোকে তিলক কোঁচৰ বাৰীত আৱিৰ্ভাৱ ঘটা নাগ দেৱতাক আৰম্ভ কৰিছিল পূজা অৰ্চনাৰ । কোঁচৰ ঘৰত বাঁহ কাটি থাকোতে বাহৰ ভিতৰৰ পৰা সাপৰ দৰে এটা আকৃতি দেখা পোৱাৰ পিচৰে পৰা সেই আকৃতিটোক একাংশই ভক্তই ভিৰ কৰি আৰম্ভ কৰিছিল পুঁজা অৰ্চনা(Jamugurihat News) ৷

সেই বিশেষ স্থান পৰিণত হ’ল উপাসনা স্থলীলৈ ৷ অৱশ্যে ৰঙাপৰা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী প্ৰৱক্তা শুভম ৰয় আৰু ছাত্ৰসহ সেই স্থানত উপস্থিত হৈ এই সৰ্পদেৱতাক চিনাক্ত কৰিলে এবিধ বনৰীয়া কাঠফুলা হিচাপে ৷

উল্লেখ্য যে,বিগত এবছৰে ৰঙাপৰা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগে কাঠফুলাৰ ওপৰত গৱেষণা অব্যাহত ৰখাৰ লগতে প্ৰায় ৪০বিধ ভিন্ন প্ৰজাতিৰ কাঠফুলা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

বিভাগীয় প্ৰবক্তা গৰাকীয়ে কয় যে,এনে সেমেকা স্থানত এইদৰে বনৰীয়া কাঠফুলা গজাটো অতি স্বাভাবিক কথা ৷ ইমানদিনে পূঁজা পাতল চলি থকা এই সাপৰ ফনা সদৃশ কাঠফুলা অধিক গৱেষণাৰ বাবে সংগ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজক এইবিষয়ে অৱগত কৰি এনে উদ্ভিদ তথা বিষয়কলৈ অন্ধবিশ্বাস নকৰিবলৈ উপদেশ দিয়াত হে ৰাইজৰ মুখত হাঁহি বিৰিঙিল।

লগতে পঢ়ক :Road Accident in Chapar: কৰ্তব্যৰত যান বাহন শাখাৰ আৰক্ষীক খুন্দা বাইকৰ; আহত আৰক্ষী কনিষ্টবল