Local, Vocal, Global

Jamugurihat News: এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰই অন্ধ লোকৰ বাবে তৈয়াৰ কৰি উলিয়ালে লাখুটি

জামুগুৰিহাট,২জানুৱাৰী : জামুগুৰিহাটৰ টুপিয়া পাঁচগাঁও একাডেমিৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ ৰোহিত পকোৱালে অন্ধ লোকৰ বাবে তৈয়াৰ কৰি উলিয়ালে লাখুটি। চমক৷টুপিয়া গাঁৱৰ চুৰামনি পকোৱাল আৰু বিণা দেৱীৰ সুযোগ্য সন্তান যুৱ উদ্ভাৱক ৰোহিত পকোৱালৰ এনে চমকপ্ৰদ সাফল্যক লৈ পৰিয়ালটো উৎসাহিত হোৱাৰ লগতে গাঁওবাসীৰ মাজত আনন্দৰ জোৱা উঠি(Jamugurihat News) ৷

জন্মৰে পৰাই পৃথিৱীৰ সৌন্দৰ্য্য নেদেখা লোক সকলে জীৱন যুদ্ধত হাৰ নামানি আগবাঢ়ি যাব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা এই লাখুটিৰ দ্বাৰাই অন্ধ লোক সকলে কিছু সকাহ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰোহিত পকোৱালে৷

ৰোহিতে লাখুটি ডাল সন্দৰ্ভত জনোৱা মতে, বৈদ্যুতিক লাখুটি লৈ খোজ কঢ়া এজন অন্ধ লোকৰ সন্মুখত কোনো বস্তু থাকিলে স্বয়ংক্ৰিয়ভাবেই এক শব্দৰ সৃষ্টি হয় ৷ বৈদ্যুতিক লাখুটিৰ সহায়ত সন্মুখত থকা খাল, বিল,বেৰা,গাড়ী,মটৰচাইকেল আদিকে ধৰি বিভিন্ন বিপদজনক বস্তুৰ পৰা আঁতৰি অহাৰ বাবে আগতীয়া সংকেট লাভ কৰিবলৈ সক্ষম হ’ব ৷

ছাত্ৰজনে আৱিস্কাৰ কৰা এই অন্ধৰ লাখুটি নামৰ বৈদ্যুতিক যন্ত্ৰটি ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ মহোৎসৱৰ প্ৰদৰ্শনীতো হেজাৰ হেজৰা দৰ্শকৰ প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰাৰ কথা জনাইছে ৰোহিত পকোৱালে৷

লগতে পঢ়ক :Son Brutally Killed Mother : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ !