Jamugurihat News:ৰঙাপৰাৰ ৰেলৱে সুৰক্ষা বাহিনীৰ হাতত জব্দ ৫৫ কেজি গাঞ্জা
জামুগুৰিহাট,২৬ডিচেম্বৰ : ৰঙাপৰাৰ ৰেলৱে সুৰক্ষা বাহিনীৰ অভিযান। বিভিন্ন সময়ত ৰেলৱে সুৰক্ষা বাহিনীয়ে চলোৱা অভিযান জব্দ কৰে ৫৫কেজি ওজনৰ বৃহৎ পৰিমাণৰ গাঞ্জা ৷
ৰেলৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰা এই সমূহ গাঞ্জা আজি চমজাই দিয়ে ৰঙাপৰাৰ আবকাৰী বিভাগক(Jamugurihat News)।
ৰেলৱে সুৰক্ষা বাহিনীয়ে পৃথক পৃথক সময়ত যাত্ৰীবাহী ৰেলত অভিযান চলাই অতি গোপনে সৰবৰাহ কৰা নিচাযুক্ত গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হৈছিল।
বিশেষকৈ ১৫৮৯৫ নম্বৰৰ ৰঙিয়া-মু্ংৰ্কচেলেক উজনিমুৱা ইণ্টাৰচিটি আৰু ১৪৬১৩ নম্বৰৰ গুৱাহাটী-মুংৰ্কচেলেক উজনিমুৱা লাচিত এক্সপ্ৰেছত সৰবৰাহকাৰীয়ে গাঞ্জাখিনি নি থকাৰ সময়তে ৰেলৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰিছিল। ৰঙাপৰাৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে আবকাৰী বিভাগৰ পৰিদৰ্শক মাধুৰ্য্য তালুকদাৰক চমজাই দিয়া গাঞ্জাখিনিৰ ওজন হ’ব প্ৰায় ৫৫ কেজি আৰু ইয়াৰ মূল্য প্ৰায় ৫ লাখ ৫০ হেজাৰ টকা। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰঙাপৰা ৰেলৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীবাহী ৰেলত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল।
লগতে পঢ়ক :Dibrugarh News : ডিব্ৰুগড়ত পুৰণি বিজেপি নেতা কৰ্মীৰে ৰাজেন গোঁহাইৰ ৰুদ্ধদ্বাৰ বৈঠক