Watch | Jamugurihat news: জামুগুৰিহাটত অসম কৃষক সমন্বয় দিৱস উদযাপন
জামুগুৰিহাট: জামুগুৰিহাটৰ চেউনীচুকৰ ভৰলীপৰীয়া সেউজপামত কাছ,নাছৰ উদ্যোগত স্বাভিমানী কৃষক দেৱেশ্বৰ নাথ ৰ ৯০ সংখ্যক জন্ম দিন উপলক্ষে চতুৰ্থ অসম কৃষক সমন্বয় দিৱস পালন কৰা হয়।এই উপলক্ষে বুধবাৰে দেৱেশ্বৰ নাথৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। কাছ নাছৰ প্ৰতিষ্ঠাপক লোহিত গগৈয়ে আত ধৰা অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰে কাছ নাছৰ কাৰ্যকৰী সভাপতি চন্দ্ৰ বেই । ইয়াৰ পিছতে আয়োজিত ৰাইজমেল ও জোনাকীমেল অনুষ্ঠান উদ্বোধন কৰে কৃষক বন্ধু ড°ধীৰেন্দ্ৰ নাথে।
অনুষ্ঠানটিত হাড় তেজ বিহীন ধৰ্ম নিৰপেক্ষ মাংস কাঠফুলাৰ প্ৰসাৰ প্ৰচাৰ আৰু বিপনন ওপৰত অনুষ্ঠিত হয় এখন আলোচনা চক্ৰ৷ আলোচনাচক্ৰ খনি উদ্বোধন কৰে মোৰ্তাজ গুলেন আহমেদে । আলোচক হিচাপে অংশগ্ৰহণ কৰি ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী গুঞ্জন গগৈ, গোলাঘাট জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° মধুস্মিতা কটকী, প্ৰগতিশীল কৃষক হবিবুৰ ৰহমান আৰু অঞ্জন নাথে ৰাইজৰ মাজত বিশেষ ভাৱে কাঠফুলাৰ উপকাৰীতা ও গুণাগুণৰ ওপৰত মন্তব্য আগবঢ়ায়। অনুষ্ঠানৰ মাজতে এক বৰ্ণিল পথৰ অনিৰুদ্ধ যাত্ৰী দেৱেশ্বৰ নাথ শীৰ্ষক পুস্তিকা উন্মোচন কৰা হয় ।
সৰুপথাৰৰ প্ৰগতিশীল কৃষক অমৰপ্ৰাণ চাংমাই ক দেৱেশ্বৰ নাথ সোঁৱৰণী চতুৰ্থ অসম কৃষক সমন্বয় বঁটা প্ৰদান কৰা হয়। যোৰহাটৰ কৃষি শিক্ষা সম্প্ৰসাৰণ বিভাগৰ সঞ্চালক ড°মনোৰঞ্জন নেওগক চিৰ সেউজ কৃষক প্ৰাণ অভিধা দেৱেশ্বৰ নাথ সোঁৱৰণী চতুৰ্থ অসম কৃষক সমন্বয় বঁটা প্ৰদান কৰা হয়।
উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি শিক্ষা সম্প্ৰসাৰণ বিভাগৰ সঞ্চালক মনোৰঞ্জন নেওগে , সন্মানীয় অতিথি অংশগ্ৰহণ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা বিভাগৰ প্ৰাক্তন সঞ্চালক ড°গিৰিন্দ্ৰ নাথ হাজৰিকাই,কাছ নাছৰ কাৰ্যকৰী সভানেত্ৰী পূৰ্ণিমা চাংমাই ৰ লগতে কেইবাগৰাকীও গণ্য মাণ্য ব্যক্তিয়ে ৷