Watch | Jamugurihat news: জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদৰ্য্য ৰূপ
জামুগুৰিহাট: শোনিতপুৰ জিলাৰ বালিপৰাৰ পৰা জামুগুৰিহাট সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ কদৰ্য্য ৰূপটিয়ে যাতায়তৰ ক্ষেত্ৰত জনাসাধাৰনক যমৰ যাতনা ভোগাইছে৷ প্ৰায় ৩০ কি:মি দৈৰ্ঘ্যৰ এই ৰাষ্ট্ৰীয় ঘাইপথচোৱা সুদীৰ্ঘ দিনধৰি বিভাগীয় কতৃপক্ষই মোৰামতিৰ ব্যৱস্থা নকৰাৰ বাবেই সৃষ্টি হৈছে পুখুৰীসদৃশ গাত৷ইয়াৰ লগতে ১৯৬২চনতে নিৰ্মিত জীয়াভৰলী নদীৰ ওপৰৰ পকীৰ দলং খনৰো মেৰামতি নোহোৱাৰ ফলত দলংখনৰ মাজতো সৃষ্টি হৈছে ভয়ংকৰ গাত সমুহ ৷
ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ লগতে জীয়াভৰলী দলংখনৰ মেৰামতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোনিতপুৰ জিলা সংমণ্ডল কতৃপক্ষই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই। বিশেষকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ তেজপুৰৰ পৰা বালিপৰা,খনামুখ , তৌভঙা,টুপিয়া,ধলাইবিল আৰু চৈবাৰী আদি অঞ্চলৰ মাজেৰে গৈ জামুগুৰিহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰি দৈনিক শ শ যান বাহন এই পথৰ ওপৰেৰে নিতৌ চলাচল কৰি আছে ।
ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ প্ৰকাণ্ড গাত বোৰৰ লগতে জীয়াভৰলী দলং খনৰ ওপৰত সৃষ্টি হোৱা পুখুৰী সদৃশ গাত সমুহ এজাক সামান্য বৰষুণ হ’লেই পানীয়ে পৰিপূৰ্ণ হৈ থাকে । অভিযোগ মতে সৰুবৰ যান বাহন সমুহৰ লগতে যাত্ৰীবাহী বাচ আৰু মালবাহী ট্ৰাক সমুহ এই দলং খনৰ ওপৰেৰে পাৰ হবলৈ চালক ও যাত্ৰী সকলে প্ৰথমে ঈশ্বৰকেই চিন্তা কৰিবলগীয়া হয় ।
ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ জৰাজীৰ্ণ ৰূপটিৰ বাবেই বিগত সময়চোৱাত বহুকেইটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ কেইবাগৰাকীও লোকে অকাল মৃত্যুক সাৱতী লবলগীয়া হৈছে৷ সম্প্ৰতি জামুগুৰিহাটবাসী ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথচোৱাৰ লগতে ভীয়াভৰলী দলং খনৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোনিতপুৰ জিলা সংমণ্ডল কতৃপক্ষক দাবী জনাইছে৷