Watch | Jamugurihat news: বালিপৰাৰ খনামুখৰ বোকাগাঁৱৰ ৰায়োছ মিলিৰ মডেলিংত বৃহৎ সফলতা

জামুগুৰিহাট: বালিপৰাৰ খনামুখ অঞ্চলৰ বোকাগাঁৱৰ যুৱক ৰায়োছ মিলিয়ে যোৱা ১৩ জুলাইত গুৱাহাটীৰ আই , আই,টি মাছখোৱাত SPARK ৰ উদ্যোগত অনুষ্ঠিত হোৱা Fashion show তথা Modeling ত MR ASSAM 2025 লগতে Best Walk ৰ খিতাপ অৰ্জন কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ খনামুখ বোকাগাঁৱৰ মণিকান্ত মিলি আৰু মনোমতী মিলিৰ এক মাত্ৰ সন্তান ৰায়োছ মিলি ৰ এই বৃহৎ সফলতাৰ বাবে গৌৰৱান্বিত হৈ গাঁওবাসী ৰাইজৰ লগতে (TMPK) টি,এম,পি,কে (MMK)এম,এম,কে আদি মিচিং সংগঠন সমুহৰ তৰফৰপৰা অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷
লগতে পঢ়ক: Watch | Baihata Tolgate : মদনপুৰ টোলগেটত নিশা উত্তেজনা