Local, Vocal, Global

Watch | Jamugurihat: ৰঙাপৰাত গভাইত বাইক চোৰক আটক আৰক্ষীৰ

জামুগুৰিহাট: ৰঙাপৰাৰ বিভিন্ন স্থানৰ পৰা মটৰচাইকেল চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা চোৰৰ দলৰ এজন সদস্যক আটক কৰিছে ৰঙাপৰা আৰক্ষীয়ে ৷ চাইনচা বসুমতাৰী নামৰ চোৰটোক ৰঙাপৰাৰ ঠাকুৰবাৰীৰ পৰা ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে৷ ৷ ঢেকিয়াজুলিৰ চাইনচা বসুমতাৰী নামৰ বাইক চোৰটোৱে ৰঙাপৰাৰ খিৰনীবস্তীৰ এটি ভাৰা ঘৰত থাকি চলাই গৈছিল এই চুৰিকাণ্ড ৷

উল্লেখ্য য়ে আজি ডেৰমাহ পূৰ্ৱে ৰঙাপৰাৰ ৮ নং ৱাৰ্ডৰ বিশাল ছেত্ৰী নামৰ লোকজনৰ AS -12- U- 7535 নম্বৰৰ মটৰচাইকেল খন নিশা ঘৰৰ পৰা চুৰি কৰি নিছিল উক্ত চোৰটোৱে ৷ শোনিতপুৰৰ বিভিন্ন স্থানৰ পৰা বাইক চুৰি কৰি আহিছিল চাইনচা বসুমতাৰীৰ দলটিয়ে ৷ চাইনচা বসুমতাৰী ৰ নেতৃত্বৰ বাইক চোৰৰ দলটোৰ আন সদস্যক বিচাৰি ইতিমধ্যে ৰঙাপৰা আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Watch | Attack on the journalist who went to collect news: বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ দুর্বৃত্তৰ