WATCH | Jamugurihat News : জামুগুৰিহাটৰ মৰিসুতিৰ কৃষিপথাৰত ব্যস্ত ৰোৱনী
জামুগুৰিহাট,২জুলাই : অসমীয়া চহা জীৱনত পথাৰত ভূই ৰোৱা দৃশ্য এক গুৰুত্বপূৰ্ণ দৃশ্য৷ এই দৃশ্যই খেতিয়ক সকলৰ কথোৰ পৰিশ্ৰম আৰু আশা আকাংক্ষা প্ৰতিফলিত কৰে ৷
ইয়াত কৃষক সকলে তেঁওলোকৰ জীৱিকাৰ বাবে পথাৰত ধান ৰোৱাৰ লগতে নিজৰ সংস্কৃতি আৰু পৰম্পৰা বজাই ৰাখে৷ আহাৰ মাহ মানেই অন্ত নাই কৃষকৰ ব্যস্ততাৰ। জামুগুৰিহাটৰ মৰিসূতিত পালন কৰা হৈছে পৰম্পৰাগত ন-ভূঁই ৰুৱা উৎসৱ(Jamugurihat News)।
বোকা পানীৰ পৰশ পাই বছৰটোলৈ কঁকালত টঙালি বান্ধি পথাৰত ভূইৰোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে ৰোৱনীসকলক।যিহেতু এয়াই হৈছে আহাৰৰ বতৰ। এই আহাৰ মাহৰ বতৰত চহা অসমীয়া কৃষকৰ পৰিয়ালসমূহৰ সকলোৱেই ব্যস্ত হৈ পৰিছে পথাৰত।
জামুগুৰিহাটৰ ধলাইবিল পেৰিছৰ ফাডাৰ সুশীল জন চৰেনৰ তত্ত্বাৱধানত প্ৰায় ১২ খনকৈ গাঁৱৰ পুৰুষ মহিলাই এইদৰেই বিগত পঞ্চাশ বছৰৰো অধিক কাল ধৰি পৰম্পৰাগত ভাবে এনে দৰেই ভূই ৰোৱা উৎসৱ পালন কৰি আহিছে৷ মৰিসুতিৰ বৃহৎ পথাৰ খনত আজি পাঁচশৰো ( ৫০০ ) অধিক ৰোৱনীয়ে সমুহীয়া ভাবেই এনেদৰেই গীত গাই ভূই ৰোৱা দেখা গৈছে ৷ এনেদৰেই গ্ৰামাঞ্চলৰ হালোৱা ৰোৱনী সকল ব্যস্ত হৈ পৰিছে পথাৰত। হালবোৱা, কঠিয়া তোলা ভুঁই ৰোৱাত ব্যস্ত সকলো।
এই দৃশ্য জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ মৰিসুতি গাঁৱৰ বৃহৎ পথাৰৰ। সমগ্ৰ অসমৰ লগতে এই গাঁওখনৰো চহা কৃষকসকল ব্যস্ত এতিয়া আহাৰ মাহৰ পথাৰত। আহাৰৰ পথাৰত কেচাঁ মাটিৰ সুবাসত ব্যস্ত হৈ পৰিছে পুৰুষ মহিলা সকলো। কোনোৱে যদি ভূই ৰুৱো, কোনোৱে কঠীয়া তোলা, কোনোৱে আকৌ জলপান দিয়া কাম কৰিছে৷
লগতে পঢ়ক: WATCH | Tragic incident : গৰু আনিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী বৃদ্ধই