WATCH | Jamugurihat News : জামুগুৰিহাটৰ ধলাইবিলত বৰমতা অসমী গ্ৰাম্য সংগঠন সাধাৰণ সভা সম্পন্ন
জামুগুৰিহাট,২৮জুন : জামুগুৰিহাটৰ ধলাইবিলৰ বৰমতা গাঁৱত “বৰমতা অসমী গ্ৰাম্য সংগঠন”ৰ এখন সাধাৰণ সভা আজি অনুষ্ঠিত হয়। সংগঠনটোৰ সভানেত্ৰী অঞ্জলি সিংৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আত ধৰে সম্পাদিকা মিনা পাঠকে৷
অঞ্চলটোৰ শতাধিক আত্মসহায়ক গোটৰ মহিলাৰ উপস্থিতিত আয়োজিত সভাখনিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মহিলা সংগঠনটোৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ লগতে আত্মসহায়ক গোট সমুহৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি টনকীয়াল কৰাৰ ক্ষেত্ৰত সংগঠনটোৱে কৰিব লগা কামৰ সন্দৰ্ভত সু দিহাপৰামৰ্শ আগবঢ়ায়(Jamugurihat News)৷
অনুষ্ঠানটিৰ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহন কৰি অসম গ্ৰামীন বিকাশ বেংক ধলাইবিল শাখাৰ পৰিচালক হিমাংশু বৰা, জিলা পৰিষদৰ প্ৰাক্তন সদস্য কিশোৰ দাহাল ,দক্ষিন মূঢ়াদল গাঁওপঞ্চায়তৰ সভাপতি মানস হাজৰিকা,প্ৰাক্তন সভাপতি দিলিপ সেনাপতি, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নিতুমণি বৰাই মহিলা সকলৰ কল্যানৰ হকে সাৱলীল বক্তব্য প্ৰদান কৰে৷ বৰমতা অসমী গ্ৰাম্য সংগঠনৰ উক্ত সাধাৰণ সভাই দীপা বৰৈক সভানেত্ৰী আৰু তৃষ্ণা দেবীক সম্পাদিকা হিচাবে লৈ “বৰমতা অসমী গ্ৰাম্য সংগঠনৰ” ১৬ জনীয়া এখন নতুন কমিটি গঠন কৰি দ্বায়িত্ব ভাৰ অৰ্পণ কৰে ।
অনুষ্ঠানটি সফল্যমণ্ডিত কৰাৰ বাবে আয়োজক চান্দা থাপাই অংশগ্ৰহণকাৰী সকলো ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে৷
লগতে পঢ়ক : Watch | Bilasipara PDS Rice Seized: বিলাসীপাৰাত অব্যাহত আছে বগা চাউলৰ কলা বেহা