Local, Vocal, Global

Wastch | Jamugurihat News: শোনিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীয়ে ৫৯ টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে

জামুগুৰিহাট: শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা। প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকা সময়তে কালি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ সহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ এখন এল্ট গাড়ীত আতি গোপনে অনা হৈছিল ব্ৰাউন চুগাৰ খিনি ৷ চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি AS -12 AD- 4173 নম্বৰ ৰ এখন এল্ট গাড়ীৰে অৰুণাচললৈ নি থকাৰ অৱস্থাত জব্দ কৰে ব্ৰাউন চুগাৰ খিনি ৷
অভিযানকালত আৰক্ষীয়ে জব্দ কৰে ৫৯ টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ। আৰক্ষীয়ে আটক কৰা তিনিজন সৰবাৰাহকাৰীৰ নাম ক্ৰমে চিৰিং লামা,দিলীপ সাহা আৰু তাচিৰ বাপু বুলি জানিব পৰা গৈছে। জব্দকৃত ব্ৰাউন চুগাৰ খিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা হব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। সম্প্ৰতি চাৰিদুৱাৰ আৰক্ষীয়ে তিনিওজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি তেজপুৰ জেলহাজোতলৈ প্ৰেৰন কৰিছে৷ শোনিতপুৰত দিনক দিনে বৃদ্ধি পাব ধৰিছে ড্ৰাগছৰ প্ৰচলন ৷ প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে এজন পাছত আন এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ ড্ৰাগছৰ প্ৰচলন দিনক দিনে বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে সৰ্ব্বসাধাৰন ৰাইজ ৷