WATCH | Jamugurihat News : বালিপৰাত ১১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ এজন যুৱকক আটক

জামুগুৰিহাট,২৫জুন : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপৰাত ড্ৰাগছৰ ১১ টা কন্টেইনাৰসহ এজন যুৱকক আটক আৰক্ষীৰ। আটকাধীন যুৱকজনৰ নাম প্ৰকাশ ৰায়(Jamugurihat News)।
উল্লেখ্য যে, যুৱকজনে সন্দেহজনক ভাবে নিশা ঘুৰি থকা অৱস্থাত বালিপৰাৰ দীঘলীৰ কেইজনমান ব্যক্তিয়ে সোধ পোচ কৰি যুৱকজনক তালাচী চলোৱাত যুৱকজনৰ জেপৰ পৰা ১১ টাকৈ ড্ৰাগছভৰ্তী কন্টেইনাৰ উলাই পৰে।
লগে লগে ব্যক্তি সকলে চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়াত চাৰিদুৱাৰ আৰক্ষীৰ এটি দল উপস্থিত হৈ প্ৰকাশ ৰায় নামৰ ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক আটক কৰে।
লগতে পঢ়ক : WATCH | Erosion in Hatsingmari : তীব্ৰ গৰাখহনীয়াত উঠি গ’ল ওয়াহাব বজাৰৰ জামে মছজিদ