Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ আগ্ৰীপামত মগৰ সংঘৰ উদ্যোগত কৃৰ্তী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

জামুগুৰিহাট,২৩জুন : জামুগুৰিহাটৰ আগ্ৰীপামৰ মগৰ সংঘ ভৱনত সদৌ অসম মগৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু শাখা সমিতিৰ সহযোগত সদ্যঘোষিত উচ্চ আৰু উচ্চত মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণহৈ গৌৰৱ কঢ়িয়াই অনা কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

শোনিতপুৰ জিলা মগৰ সংঘৰ সভাপতি দিলীপ কেপচাকিৰ সভাপতিত্বত দেওবাৰে বিয়লি অনুষ্ঠিত অনুষ্ঠানটিৰ আত ধৰে জিলা মগৰ সংঘৰ সম্পাদক বিকাশ চমালে। অনুষ্ঠানটিত শতাধিক কৃৰ্তী ছাত্ৰ ছাত্ৰীৰ প্ৰতি গৰাকীকে একোখনকৈ ফুলাম গামোচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰি মানপত্ৰ প্ৰদান কৰা হয়(Jamugurihat News)৷

ইয়াৰ লগতে এগৰাকী সামৰিক অধিবক্তা হিচাবে নিযুক্তি লাভ কৰি মগৰ সমাজলৈ গৌৰৱ কঢ়িয়াই অনা আৰমান থাপাক ও বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সাহিত্য একাডেমী বঁটা প্ৰাপক ছত্ৰমান চুব্বাই অভিনন্দন অনুষ্ঠানটিত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰি কৃৰ্তী ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি দিয়া তত্ত্ব গধুৰ মন্তব্যৰ জৰিয়তে সকলোকে একোগৰাকী দেশৰ সু নাগৰিক হিচাবে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম মগৰ সংঘৰ কেন্দ্ৰীয় অধ্যক্ষ ৰেখৰাজ পুৰ্বছানেই ৷ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে মগৰ সংঘৰ কেন্দ্ৰীয় উপ সভাপতি সঞ্জয় ৰাণা,শোণিতপুৰ জিলা মগৰ সংঘৰ শিক্ষা সচিব কিৰণ আলে,ৰাজনৈতিক উপদেষ্টা কিশোৰ থাপা , শোণিতপুৰ জিলা মগৰ সংঘৰ সম্পাদক সঞ্জীৱ ৰাণা ই ৷ আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে প্ৰাক্তন কামাণ্ডেট প্ৰসাদ থাপাৰ‌ লগতে বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিয়ে৷ অনুষ্ঠানটি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অংশগ্ৰহণকাৰী সকলক উদোক্তা সকলৰ তৰফৰ পৰা ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

লগতে পঢ়ক : WATCH | Congress joining program : কংগ্ৰেছৰ যোগদান কাৰ্যসূচী