Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ ধলাইবিল চেন্টাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত চাফাই অভিযান

জামুগুৰিহাট,২২জুন : জামুগুৰিহাটৰ ধলাইবিল চেন্টাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত ধলাইবিল উন্নয়ন সমিতিৰ সহযোগত আজি ধলাইবিল কেন্দ্ৰত এক চাফাই অভিযান আৰু বৃক্ষৰোপন কাৰ্য্যসূচী ৰপায়ন কৰা হয়৷ পুৱাৰে পৰাই “ধলাইবিল চেন্টাৰ ব্যৱসায়ী সন্থাৰ” সদস্য সকলে হাতে হাতে দা’ কোৰ লৈ ধলাইবিল কেন্দ্ৰৰ সমগ্ৰ চৌহদৰ পৰিবেশ নিকাকৰন ব্যৱস্থা কৰি এক চাফাই অভিযান চলায়৷

ইয়াৰ পিছতে ধলাইবিল কেন্দ্ৰত ৰোপন কৰিবলৈ লোৱা এশ জোপা মূল্যবান গছৰ পুলি ৰোপনৰ কাৰ্য্যসুচী শুভাৰম্ভ কৰি বৃক্ষৰোপণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ অন্যান্য গছ পুলি সমুহ ৰোপনত সহযোগ কৰে ক্ৰমে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীত বৰা,অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নিতুমনি বৰা,যুৱ সমাজকৰ্মী বুলু আহমেদ,দিব্যজ্যোতি হাজৰিকা,পূৰ্ন হাজৰিকা,মানস হতজৰিকা ,আংকুৰ হাজৰিকা, নয়নজ্যোতি হাজৰিকা,আব্দুল জলিল,ওচমান আলি আদিৰ লগতে ব্যৱসায়ী সন্হাৰ সদস্য সকলে৷ বিধায়ক পদ্ম হাজৰিকাই ধলাইবিল চেন্টাৰ ব্যৱসায়ী সন্হাৰ প্ৰশংসনীয় পদক্ষেপক আদৰনী জনোৱাৰ লগতে ব্যৱসায় কেন্দ্ৰটোক আটকধুনীয়াকৈ নতুন ৰূপত সজাই পৰাই তুলিবলৈ সন্হাক আহবান জনায়(Jamugurihat News)৷

বিধায়ক গৰাকীয়ে ব্যৱসায়ী সন্থাটোৰ সদস্য সকলৰ লগতে স্হানীয় ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ধলাইবিল কেন্দ্ৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত শীঘ্ৰে যাত্ৰীৰ জিৰণি চৰা আৰু অত্যাধুনিক শৌচাগাৰ প্ৰস্ৰাৱগাৰ নিৰ্মান কৰি দিয়াৰ কথা ঘোষনা কৰে ৷

লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁৱৰ কাঞ্চা চাপৰি ৰাজহুৱা ৰংগ মঞ্চত বন্যপ্ৰাণী সুৰক্ষা সজাগতা সভা