WATCH | Jamugurihat News : জামুগুৰিহাটত বাৰেচহৰীয়া ৰাইজ সভাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান সম্পন্ন
জামুগুৰিহাট,১৬জুন : জামুগুৰিহাটৰ বাৰেচহৰীয়া ৰাইজ সভাৰ উদ্যোগত,বাৰেচহৰীয়া মহিলা সভা আৰু বাৰেচহৰীয়া যুৱ সভাৰ সহযোগত আজি কৃতি ছাত্ৰ ছাত্ৰীৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।
জামুগুৰিহাটৰ বাহবাৰী সত্ৰৰ নামঘৰত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে সুমধুৰ কণ্ঠৰে বৰগীত পৰিবেশন কৰে ঋতিকা মহন্তই। বাৰেচহৰীয়া ৰাইজ সভাৰ সভাপতি খগেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষন প্ৰসংগ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কৃতি ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে দেশৰ একোগৰাকী সু নাগৰিক হিচাবে গঢ়ি তুলিবলৈ আহৱান জনায়(Jamugurihat News)।
নিৰ্দ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতাই মননশীল বক্তব্য প্ৰদান কৰে। অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লবিতা শৰ্মা মহন্ত, অৱসৰী অধ্যক্ষ জীৱন বৰাই ও কৃতি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি সু দিহা পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে।
অঞ্চলটোৰ বহুকেইগৰাকী গন্যমান্য ব্যক্তি আৰু ৰাইজৰ লগতে অভিভাৱক সকলৰ উপস্থিতিত আয়োজিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা ৫০গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক একোখনকৈ ফুলাম গামোচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰি মানপত্ৰ, কিতাপৰ টোপোলা আৰু গছপুলি উপহাৰ প্ৰদান কৰা হয়।