Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ মংগলবৰীয়াত বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ আয়োজন

জামুগুৰিহাট,১৪জুন : জামুগুৰিহাটৰ মংগলবৰীয়াত গৌৰিশংকৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(RSS) নদুৱাৰৰ সহযোগত আজি এটি বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷

বালিজুৰি মংগলবৰীয়া ৰংগমঞ্চত অনুষ্ঠিত আয়ুৰ্বেদিক চিকিৎসা শিবিৰটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট সামজকৰ্মী দেৱ নায়ক অধিকাৰীয়ে,মাল্যাৰ্পণ কৰি সহযোগিতা আগবঢ়ায় জিলা পৰিষদৰ প্ৰাক্তন সদস্য কিশোৰ দাহালে। জামুগুৰিহাটৰ গৌৰিশংকৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ পৰিচালিকা সংগীতা বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত আয়ুৰ্বেদিক চিকিৎসা শিবিৰ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে(Jamugurihat News)।

গোৰ্খা উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য মতি কুমাৰ নেৱাৰ, গৌৰিশংকৰ আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ৰামানন্দ ৰোহনীয়া,ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নদুৱাৰৰ কাৰ্যবাহী ডম্বৰু চেত্ৰী, সদস্য ৰাজীৱ দাস, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বিশ্বনাথ জিলাৰ প্ৰচাৰক কৌশিক গড়,মুঢ়াদল জিলা পৰিষদৰ সদস্যা ৰেণুকা দেবী, উত্তৰ মুঢ়াদল গাওঁ পঞ্চায়তৰ সভানেত্ৰী সবিতা কাৰ্কি , শিক্ষক সমাজকৰ্মী বিনয় গৌতম, সমাজকৰ্মী ক্ষেম নেপাল, আৰু দীপেন্দ্ৰ ভট্টৰায়ে৷

অঞ্চলটোৰ বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিৰ উপস্থিতিত আয়োজিত বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰটিত অংশগ্ৰহণ কৰি আয়ুৰ্বেদিক চিকিৎসাও স্বাস্থ্য বিষয়া ডা°ভুমিস্মিতা বৰ্মন আৰু ডা°তুষাৰ কৌশিকে শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ প্ৰদান কৰে ৷

লগতে পঢ়ক : WATCH | Chapar News : চাপৰত আটক তিনিজনকৈ লোকক