WATCH | Jamugurihat News : ‘অসমত মুছলমান হৈ জন্ম গ্ৰহণ কৰাটোৱেই পাপ নেকি?’

জামুগুৰিহাট,৫জুন : অসমত মুছলমান হৈ জন্ম গ্ৰহণ কৰাটোৱেই পাপ নেকি?
মুছলমানৰ ওপৰত ইমান চৰকাৰী নিৰ্যাতন কিয়?
আজাদ চৌধুৰী মুছলমান হোৱা বাবেই উচ্ছেদ কৰা হ’ল নেকি?
উজনিৰ গুণ্ডা টেক্স সংগ্ৰহ কৰা ভণ্ড জাতীয়তাবাদী সকলৰ শ্ৰুতলিপিত যোৰহাট প্ৰশাসনে উচ্ছেদ কৰিলে আজাদ চৌধুৰীৰ বাসগৃহ।
চৰকাৰে ৰাজধৰ্ম আৰু মানৱ ধৰ্ম পালন কৰি আজাদ চৌধুৰীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক(Jamugurihat News)৷
মুছলমানক বাছি বাছি টাৰ্গেট নকৰিবলৈ অসম চৰকাৰক সকীয়নী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদৰ*৷
মুছলমানৰ ওপৰত চৰকাৰী অত্যাচাৰ বন্ধ নকৰিলে ভয়াবহ আন্দোলনৰ মুখামুখি হ’ব লাগিব অসম চৰকাৰে।
উজনিৰ জাতীয়তাবাদীৰ নামত উদ্ভণ্ডালী কৰা সকলক সহযোগিতা নকৰি অসমত শান্তি প্ৰতিষ্ঠাৰ চেষ্টা কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
এই আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।
লগতে পঢ়ক : WATCH | Gossaigaon News : মাছ ধৰিবলৈ যোৱা লোকক গৰু চোৰৰ সন্দেহত ৰাইজৰ আক্ৰমণ