WATCH | Jamugurihat News : জামুগুৰিহাটত নিৰ্মল প্ৰজ্ঞাজ্যোতিৰ বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষন প্ৰতিষ্ঠানৰ শুভাৰম্ভণি
জামুগুৰিহাট,২জুন : নিৰ্মল প্ৰজ্ঞাজ্যোতি ক’চিং ইনষ্টিটিউটৰ উদ্যোগত জামুগুৰিহাটত এটি বিনামূলীয়া কম্পিউটাৰ শিক্ষন প্ৰতিষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় ৷
জামুগুৰিহাটৰ অভিযাত্ৰী কলাকেন্দ্ৰত দেওবাৰে বিয়লি ৫ বজাত এই প্ৰতিষ্ঠানটিৰ ফিটা কাটি শুভ উদ্ধোধন কৰে দৰং মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক গহন মহন্তই ৷ ইয়াৰ পিছতেই অনুষ্ঠিত সভাৰ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে অৱসৰ প্ৰাপ্ত জিলা ন্যায়াধীশ সুঠাম দাস , জামুগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক পদ্যুম্ন হাজৰিকা, জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাৰায়ন শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লীলা ভূঞা আৰু প্ৰাক্তন মৌজাদাৰ গিৰিন নাথে(Jamugurihat News)৷
অঞ্চলটোৰ বহুকেইগৰাকী গন্যমান্য ব্যক্তিৰ লগতে আইমাতৃ,যুৱক যুৱতী সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অংশগ্ৰহন কৰি দিয়া ভাষন প্ৰসংগত গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা নিৰ্মল প্ৰজ্ঞাজ্যোতিৰ অধ্যক্ষ আৰমান আলীয়ে কয় যে “জামুগুৰিহাটত আৰম্ভ হোৱা এই বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষন কেন্দ্ৰৰ দ্বাৰা অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকল বিশেষভাবে উপকৃত হ’ব৷ এই প্ৰতিষ্ঠানটোৱে কম্পিউটাৰ শিক্ষাৰ জগত খনত এক অন্য মাত্ৰা প্ৰদান কৰিব বুলিও অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে।
লগতে পঢ়ক : WATCH | Nalbari News : কৃত্ৰিম বানৰ কৱলত মূলাৰকুচি গাঁৱৰ ঔহাটীৰ প্ৰায় ২০ টাকৈ পৰিয়াল