Local, Vocal, Global

Jamugurihat News : বগা হাঁতীত পৰিণত জামুগুৰিহাটত জলসিঞ্চন আঁচনি

জামুগুৰিহাট,২৫ছেপ্তেম্বৰ : বগা হাঁতীত পৰিণত জামুগুৰিহাটত জলসিঞ্চন আঁচনি । অমৃত কালত পানী বিচাৰি হাহাকাৰ কৃষকৰ ।

পথাৰত মেলিছে ছিৰালফাট, কান্দিছে কৃষকে। ধোবাংবাং বৰদিকৰাই জলসিঞ্চন প্ৰকল্প । “জয় জোৱান জয় কিষান” শ্ল’গান ফ্লপ ৷

আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল লেখিয়া হৈ পৰিছে বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোৰ কৃষক ৰাইজৰ বাৱে স্থাপিত বৰদিকৰাই জলসিঞ্চন প্ৰকল্প ৷ এই উৎকট গৰমত তথা পথাৰৰ মাটি চিৰাল ফাট দিয়াৰ লগতে গজালি মেলা ধান ৰঙচুৱা হৈ শুকাই যাবলৈ ধৰাৰ পাচতো কৃষকক এটুপি পানী যোগান ধৰিব পৰা নাই বৃহৎ জলসিঞ্চন প্ৰকল্পটোৱে ৷

বৰদিকৰাই জলসিঞ্চন আঁচনিৰ বাবে চৰকাৰে কৃষক ৰাইজৰ ভুমি অধিগ্ৰহণ কৰি পথাৰৰ মাজেদি কোনো কোনো ঠাইত পানী যোৱা নলা নিৰ্মাণ কৰিছিল যদিও সেয়া হাবি জংঘলে আৱৰি ধৰা পৰিলক্ষিত হৈছে ৷ এটা সময়ত বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে যোগান ধৰা পানীৰে কৃষক সকলে বছৰত দুবাৰ কৈ খেতি কৰাৰ সুযোগ লাভ কৰিছিল যদিও বিগত দহ বছৰ ধৰি এটুপিও পানী লাভ কৰা নাই দুৰ্ভগীয়া কৃষক ৰাইজে ৷

ইয়াৰ বিপৰীতে চৰকাৰৰ জলসিঞ্চন বিভাগটোৱে স্থাপনৰ দিন ধৰি বৰ্তমানলৈকে হেজাৰ কোটিৰো অধিক টকা ব্যয় হোৱাটো দেখুৱাই আহিছে যদিও ইয়াৰ সিংহভাগ আমোলা বিষয়া অভিজন্তা, ঠিকাদাৰে মিলি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সম্প্ৰতি বগা হাতীত পৰিণত হোৱা বৰদিকৰাই জলসিঞ্চন প্ৰকল্পক লৈ এতিয়া ক্ষোভ ব্যক্ত কৰিছে স্থানীয় কৃষক ৰাইজে ৷

লগতে পঢ়ক :Antyodaya Diwas 2024: আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী