Local, Vocal, Global

Watch | Jamugurihat massive fire: জামুগুৰিহাটৰ মৰিসুতিত ভয়ংকৰ অগ্নিকাণ্ড

জামুগুৰিহাট: জামুগুৰিহাটৰ মৰিসুতিৰ খ্ৰীষ্টানবস্তি গাঁৱৰ ইন্দ্ৰ নেৱাৰ‌ নামৰ লোকজনৰ বাসগৃহত যোৱা নিশা বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত ‌ফ্ৰীজ, টিভি, পানী মটৰ আৰু ঘৰৰ সম্পুৰ্ণ ৱেৰিং জ্বলি উঠি এক আতংকময় পৰিবেশৰ সৃষ্টি হয়।

পৰিয়ালটোৰ কোনো লোক হতাহত হোৱা নাই যদিও লক্ষাধিক টকাৰ বৈদ্যুতিক সামগ্ৰী সমুহ জ্বলি নষ্ট হৈ যায় ৷ ইয়াৰ লগতে গাঁও খনৰ বহুকেইগৰাকী লোকৰ বাসভৱন সমূহৰো বৈদ্যুতিক সামগ্ৰী জ্বলি গৈছে ৷

উক্ত লোক জনৰ বাসভৱনৰ সন্মুখত থকা উচ্ছ ক্ষমতাসম্পন্ন(১১হেজাৰ ভল্ট) বিদ্যুত পৰিবাহী লাইনত নিশা প্ৰায় ২ মান বজাত ভয়কৰ জুই জ্বলি উঠে ৷ বিদ্যুতৰ তাৰ মাতিত পৰিও ভয়ংকৰ জুই জ্বলি উঠি এক আতংকময় পৰিষ্ঠিতিৰ সৃষ্টি হয়৷ স্হানীয় ৰাইজৰ মতে নিশাৰ ভাগত নহৈ দিনৰ ভাগত এই ঘটনা সংঘটিত হলেই বহু লোক মৃত্যুৰ মুখত পৰাটো নিশ্চিত আছিল৷জামুগুৰি বিদ্যুত উপসংমণ্ডলৰ বিষয়া কৰ্ম্মচাৰী সকলৰ গাফিলতি আৰু অকৰ্মণ্যতাৰ বাবেই এনে অমংগলীয়া পৰিস্থিতি উদ্ভৱ হোৱা বুলিও অভিযোগ কৰিছে ৰাইজে ৷