WATCH | Jamugurihat Gorkha Pressmet : গোৰ্খা ছাত্ৰ সন্থাক কলংকিত নকৰিবলৈ আহ্বান নদুৱাৰ গোৰ্খা সমাজৰ
জামুগুৰিহাট,১১মাৰ্চ : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনিল ছেত্ৰীয়ে বিজেপি বিধায়ক সকলে গোৰ্খা সকলৰ কাৰণে ফুটাকড়ি এটাও কৰা নাই ৷ গোৰ্খা সকলক ভাং খুৱাই নিচাষক্ত কৰি বুৰ্বক বনাই আহিছে ৷
গোৰ্খাসকলক বছৰ বছৰ ধৰি প্ৰতাৰণা প্ৰবঞ্চনা কৰি অহা বুলি এটা ব্যক্তিগত টেলিভিচন চেনেলত মন্তব্য প্ৰকাশ কৰাৰ পাচত সভাপতি গৰাকীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নদুৱাৰ গোৰ্খা সমাজে(Jamugurihat Gorkha Pressmet)৷
জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত আজি এক সংৱাদমেল যোগে নদুৱাৰ গোৰ্খা সমাজৰ বিষয়ববীয়া সকলে কয়, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনিল ছেত্ৰীৰ এই মন্তব্য ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ৷ তেওঁ কংগ্ৰেছৰ ছত্ৰছায়াত থাকি এনে নিকৃষ্ট মন্তব্য আগবঢ়াইছে ৷ আমি নদুৱাৰ সমষ্টিত বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত সুৰক্ষিত অনুভৱ কৰো ৷ গোৰ্খা লোক সংস্কৃতি প্ৰসাৰ প্ৰচাৰৰ লগতে ঐক্য সমন্বয়ৰ বাট টনকীয়াল কৰিছে বিধায়ক পদ্ম হাজৰিকাই ৷
নদুৱাৰ সমষ্টিৰ প্ৰতিজন গোৰ্খাৰ সকলো আপদ- বিপদত ছাঁটোৰ দৰে থকাৰ লগতে সমষ্টিটোৰ গোৰ্খা সকলৰ আৰ্থিক,সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক ভাৱে উন্নয়ন সাধন কৰি আহিছে বিধায়ক পদ্ম হাজৰিকাই ৷
সভাপতি সুনিল ছেত্ৰীৰ বাসগৃহ এই সমষ্টিতে হোৱাৰ পাচত তেও গোৰ্খা জাতিৰ উন্নয়ন দেখা নাই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি কয়-তেওঁ এটা অৰাজনৈতিক দলৰ সভাপতি আৰু তেওঁ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰখা ভাল ৷ গোৰ্খা ছাত্ৰ সন্থাৰ দৰে এটা অনুষ্ঠানক তেও ৰাজনৈতিক প্ৰলেপ সানি কলংকিত নকৰিবলৈ আহ্বান নদুৱাৰ গোৰ্খা সমাজৰ বিষয়ববীয়া সকলৰ ৷ সংৱাদমেলখনত নদুৱাৰ গোৰ্খা সমাজৰ হৈ প্ৰতিনিধিত্ব কৰে ক্ষেমৰাজ ছেত্ৰী,মায়া দেৱী,মদন কৈৰালা ,ৰাম নেৱাৰ ,অশোক শৰ্মা,বিনয় গৌতম,শান্তনু গৌতম,বল্লভ চাপাগায়,হোম ছেত্ৰী প্ৰমুক্ষে বিভিন্নজনে ৷
লগতে পঢ়ক :WATCH | Udalguri News : ওদালগুৰিৰ ৰৌতাৰ ধিপবিচৰাত গাঁৱত UPPL দলৰ সমূহীয়া ইফতাৰ কাৰ্যসূচী