Watch | Jamugurihat doul utshav: জামুগুৰিহাটৰ পাঁচগাৱৰ ডৌকাচাপৰি-বাঁহবাৰী সত্ৰত ২০০ বছৰীয়া ইতিহাস সমৃদ্ধ দৌলোৎসৱ উদযাপন
জামুগুৰিহাট: অসমৰ অন্যান্য প্ৰান্তৰ লগতে নামঘৰ নগৰী খ্যাত জামুগুৰিহাটতো আজি ফাকুৱা উপলক্ষে ওখল মাখল তথা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷ জামুগুৰিহাটৰ পাঁচগাও ফাকুৱা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আজি উদযাপন কৰা হয় ফাকুৱা তথা দৌলযাত্ৰা উৎসৱ ৷
ডৌকাচাপৰি সত্ৰৰ পৰা পাঁচগাৱৰ ভকত তথা আইমাতৃ সকলে নাম গাই গোঁসাইক কান্ধত লৈ উলিয়াই আনি বাঁহবাৰী সত্ৰ আৰু ডৌকাচাপৰি গাঁৱৰ মধ্যস্থলত থকা দৌলত প্ৰতিষ্ঠা কৰা হয় ৷ ইয়াৰ পাছতে সকলো ৰাইজে নাম প্ৰসংগ অনুষ্ঠিত কৰি ইজনে সিজনক আৱিৰৰ ৰং সানি কৃষ্ণ বন্দনাৰে অঞ্চলটোৰ চৌপাস মুখৰিত কৰি তোলে ৷
আজি দৌলযাত্ৰাৰ পাছত প্ৰতিষ্ঠা কৰা গোঁসাইক পুনৰ কাইলৈ পাঁচগাৱৰ চৌদিশ ঘুৰাব ৷ ২০০ বছৰীয়া গৌৰৱোজ্জল ইতিহাস তথা পৰম্পৰাৰে সমৃদ্ধ এই দৌলোৎসৱ তথা ফাকুৱাত অঞ্চলটোৰ বাহিৰেও জিলাখনৰ বিভিন্ন লোকে অংশগ্ৰহন কৰা পৰিলক্ষিত হয় ৷