Local, Vocal, Global

WATCH | Jal Jeevan Mission Scheme: অভয়াপুৰীত জল জীৱন মিছনৰ নামত চলিছে কি?

অভয়াপুৰী,১জুলাই : অভয়াপুৰীত জল জীৱন মিছনৰ নামত চলিছে কি ? ঠিকাদাৰে আধাতে এৰিলে নেকি কাম ? কেইবামাহে বন্ধ হৈ আছে কাম, নাই ফলক। এতিয়ালৈ অভয়াপুৰীৰ পাখিৰিগুৰী গাঁৱৰ জল জীৱন মিছন আঁচনিখনৰ ২০ % কামেই সম্পন্ন নহ’ল(Jal Jeevan Mission Scheme)।

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে আশাৰে বাট চাই আছিল গাঁওবাসীয়ে। ৰাজ্যত গুৰুত্বহীন হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি ‘জল জীৱন মিছন’ । ঠিকাদাৰে অৰ্ধ নিৰ্মিত কৰি পেলাই ৰাখিছে আঁচনিখনৰ কাম। আঁচনিখনৰ নিৰ্মাণৰ সামগ্ৰী পৰিত‍্যাক্ত অৱস্থাত । সম্প্ৰতি জংঘলে আৱৰি ধৰিছে চৌদিশ ।

বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা জনস্বাস্থ‍্য কাৰিকৰী বিভাগক অতি শীঘ্ৰে আঁচনিখনৰ কাম সম্পন্ন কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :WATCH | Barpeta News : বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই বৰপেটাৰ কামাৰপাৰাৰ অপহৃত শিশু