Local, Vocal, Global

WATCH | Jal Jeevan Mission Scheme: দক্ষিণ শালমাৰাত ভেকোভাওনাত পৰিণত জল জীৱন মিছন আঁচনি

হাটশিঙিমাৰী,১৬জুন : দক্ষিণ শালমাৰাত ভেকোভাওনাত পৰিণত জল জীৱন মিছন আঁচনি। বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৪ শতাধিক পৰিয়ালৰ। দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ এটি সজাঁতি দলে ৰামভোলাপাৰাত জল জীৱন মিছন আঁচনিৰ কাম পৰ্য্যবেক্ষণ কৰে(Jal Jeevan Mission Scheme)।

ৰামভোলাপাৰা গাঁৱৰ ৰাইজে ৰামভোলাপাৰা জল জীৱন প্ৰকল্পৰ পৰা পানী নোপোৱাত আজি স্থানীয় ৰাইজে চৰকাৰ তথা জিলা প্ৰসাশনক পানী যোগান দিয়াৰ বাবে আহ্বান কৰে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰামভোলাপাৰা গাঁওৰ প্ৰায় চাৰি শতাধিক পৰিয়ালে‌ আজিৰ দিনতো মেঘালয়ৰ পৰা অহা পানী খাই জীয়াই আছে। চৰকাৰে জীৱন প্ৰকল্প‌ স্থাপন কৰিছে যদিও আজিৰ দিনতো ৰামভোলাপাৰা গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ বাবে বঞ্চিত হৈ আছে।

লগতে পঢ়ক: WATCH | Abhayapuri eviction : গোৱালপাৰাৰ হাছিলা বিলত চৰকাৰৰ উচ্ছেদ অভিযান