Local, Vocal, Global

WATCH | Jal Jeevan Mission Scheme: সোণাৰিত ভেঁকোভাওনাত পৰিণত জল জীৱন মিছনৰ আঁচনি

সোণাৰি,২১এপ্ৰিল : বিশুদ্ধ খোৱা পানী এটুপিৰ বাবে হাহাকাৰ কৰিছে টিয়ক বঙালী গাঁওৰ ৰাইজে।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত জল জীৱন মিছনৰ যোগেদি দেশৰ প্ৰতিজন নাগৰিকৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে যি অভিলাসী আঁচনি গ্ৰহণ কৰা হৈছে সেয়া কাৰ্যত ফুটুকাৰ ফেনত পৰিণত হৈছে সোণাৰি সমষ্টিৰ ভজো পঞ্চায়তৰ অন্তৰ্গত টিয়ক বঙালী গাঁৱত।

উল্লেখযোগ্য যে, চাহ প্ৰাক্তন চাহ জনজাতি লোকৰ বসতি প্ৰধান গাঁৱখনৰ দৰিদ্ৰ কৃষিজীৱী গঞা ৰাইজৰ বাবে জল জীৱন মিছনৰ অধীনত এটা পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য কিছু মাহ পূৰ্বে আৰম্ভ কৰা হৈছিল। আঁচনিটোৰ অধীনত পানীৰ ফিল্টাৰ, টেংকী আদিৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ উপৰিও ৰাইজৰ পদূলিয়ে পদূলিয়ে পাইপ স্থাপনৰ কাম হৈছে(Jal Jeevan Mission Scheme)।

কিন্তু আঁচনিৰ কাম মাত্ৰ ২০ শতাংশ মান বাকী থকা অৱস্থাত নিৰ্মাণ কাৰ্য চলাই থকা ঠিকাদাৰজনে অজ্ঞাত কাৰণত কাম বন্ধ কৰি দিয়ে। বৰ্তমান ৰাইজৰ পদূলিয়ে পদূলিয়ে পানী যোগানৰ পাইপ সমূহ ওলাই আছে যদিও এই পাইপ সমূহেদি আজি পৰ্যন্ত এটুপালোঁ পানী ওলোৱা নাই। ইয়াকে লৈ পঞ্চায়ত নিৰ্বাচনৰ সময়ত এতিয়া স্থানীয় গঞা ৰাইজৰ মাজত ক্ষোভ উজৰা দেখা পোৱা গৈছে।

লগতে পঢ়ক : Jal Jeevan Mission Scheme: নগৰবেৰাত ভেঁকোভাওনাত পৰিণত জল জীৱন মিছনৰ আঁচনি