Jal Jeevan Mission Scheme: নগৰবেৰাত ভেঁকোভাওনাত পৰিণত জল জীৱন মিছনৰ আঁচনি
নগৰবেৰা,১৬ফেব্ৰুৱাৰী : নগৰবেৰাৰ পাহাৰপাৰা গাঁৱত ভেঁকো ভাওনাত পৰিণত জল জীৱন মিছনৰ আঁচনি। খোৱাপানীৰ সংকটে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে নগৰবেৰাৰ পাহাৰপাৰা গাঁৱত। গাঁওখনত থকা ক্ষুদ্ৰ পানী যোগান আঁচনিৰ জৰিয়তে দিয়া পানী পৰ্যাপ্ত নহয় গাঁওবাসীৰ বাবে।
ইপিনে গাঁওখনৰ ভূ-গৰ্ভত অত্যধিক শিল থকা বাবে গাঁওখনত পুতিব নোৱাৰে দমকল। সেয়ে পানীৰ অভাৱ পুৰণ কৰিবলৈ গাঁওখনৰ দক্ষিণ প্ৰান্তত থকা একমাত্ৰ দমকলটোৰ ওপৰতে ভৰষা কৰিব লগীয়া হৈছে গাঁওবাসীয়ে। গাঁওখনৰ প্ৰায় ১৬৫ পৰিয়ালে পানী সংগ্ৰহ কৰে এইটো দমকলৰ পৰাই। এনেদৰেই গাঁওৰ প্ৰতিটো পৰিয়ালে পানী সংগ্ৰহ কৰে দমকলটোৰ পৰা। একাংশ পৰিয়ালে আকৌ পানীৰ নাটনি দূৰ কৰিবলৈ কুঁৱাৰ পানী ব্যৱহাৰ কৰিছে(Jal Jeevan Mission Scheme)।
গাঁৱে গাঁৱে চৰকাৰে জল জীৱন মিছনৰ আঁচনি ৰূপায়ণ কৰিলেও নগৰবেৰাৰ পাহাৰপাৰা গাঁওবাসীক এই আঁচনিৰ পৰাও বঞ্চিত কৰা হৈছে। যাৰ বাবে এটুপি খোৱা পানীৰ বাবেও হাহাকাৰ কৰিব লগীয়া হৈছে গাঁওখনৰ ডেৰ শতাধিক পৰিয়ালে। শীঘ্ৰে নগৰবেৰাৰ পাহাৰপাৰা গাঁওবাসীৰ জল সংকট দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে।
লগতে পঢ়ক:Dead Body Found: বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ মৃতদেহ