Jal Jeevan Mission Scheme: গোৰেশ্বৰত ভেকোভাওনাত পৰিণত জল জীৱন মিছন আঁচনি

গোৰেশ্বৰ,২৬জানুৱাৰী : গোৰেশ্বৰত ভেকোভাওনাত পৰিণত জল জীৱন মিছন আঁচনি। নিৰ্মাণৰ ৩বছৰ পিছতো সম্পূৰ্ণ নহ’ল আঁচনিৰ কাম । শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী স্থানীয় ৰাইজৰ।
গোৰেশ্বৰৰ সমীপবৰ্তী তথা কামৰূপ জিলাৰ সেপকুছি গাঁৱত ২০২২চনতে জল জীৱন মিছন আঁচনিখনৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু ঠিকাদাৰৰ চুড়ান্ত মইমতালিৰ বাবে বহু পিছত নিৰ্মাণ কৰা ওচৰৰে কেইবাখনো আঁচনি সম্পূৰ্ণ হ’ল যদিও ৩ বছৰ পিছতো এই আঁচনিখনৰ কাম সম্পূৰ্ণ হৈ নুঠিল(Jal Jeevan Mission Scheme)।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাইহাটা চাৰিআলি উপ সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰা আঁচনিখনৰ বাবদ ৯৩লাখ টকা ধাৰ্য কৰা হৈছিল। স্থানীয় ৰাইজে অভিযোগ কৰা মতে ঠিকাদাৰ পৰেশ কাকতিয়ে বিগত আঢ়ৈ বছৰে অতি লেহেম গতিত প্ৰায় ৪০শতাংশ কাম কৰি ২৬লাখ টকা মোকলাই নি বাকী কাম আধৰুৱাকৈ থৈ দিয়ে । ঘৰে ঘৰে পোতা পাইপ সমূহো তেনেকৈয়ে পৰি আছে।
ফলত গাঁওখনৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হব লগা হৈছে।এনে পৰিস্থিতিত শীঘ্ৰে আঁচনিখন সম্পূৰ্ণকৈ নিৰ্মাণ কৰিবলৈ গাঁওখনৰ ৰাইজে দাবী জনাইছে। ইফালে কাম সম্পূৰ্ণ নকৰিলে ঠিকাদাৰক মাটিখিনি মুকলি কৰি দিবলৈ দাবী জনাইছে ভুমি দাঁতা পৰিয়ালে।
লগতে পঢ়ক :Republic Day 2025: ধেমাজিত আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে