Jal Jeevan Mission Scheme :সৰুপথাৰত জল জীৱন মিছন আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়ম
দেৰগাঁও,৩১ডিচেম্বৰ : সৰুপথাৰত জল জীৱন মিছন আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়ম।
সৰুপথাৰৰ প্ৰেমহৰা গাওঁ পঞ্চায়তৰ ২ নং টেংৰাজানলৈ অহা জল জীৱন আঁচনিৰ প্ৰকল্প পঞ্চায়ত সভাপতি নিতুল বৰাই টেংৰাজানৰ পৰিৱৰ্তে নিজৰ গাঁৱত স্থাপন কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে টেংৰাজানবাসী ।
জন স্বাস্থ্য কাৰিকৰি বিভাগ গোলাঘাট সংমণ্ডলৰ অন্তৰ্গত ২নং টেংৰাজান জল জীৱন আঁচনিৰ ৰূপায়ণৰ নামত ঠিকাদাৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে চৰম দুর্নীতি কৰাৰ লগতে গাওঁ পঞ্চায়তৰ সভাপতি গৰাকীৰ বিৰুদ্ধে অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে(Jal Jeevan Mission Scheme)।
প্ৰকল্পটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই বিভিন্ন ঠাইত মেলিছে চিৰাল ফাট । আনহাতে প্ৰকল্পটো নিৰ্মাণৰ নিবিদা লাভ কৰা ঠিকাদাৰ আৰু কাৰ্যকৰী অভিযন্তাৰ লগহৈ গাওঁ পঞ্চায়তৰ সভাপতি গৰাকীয়ে কৌশলেৰে প্ৰকল্পটো ২নং টেংৰাজান গাওঁৰ পৰিৱৰ্তে সভাপতি গৰাকীৰ নিজ গাঁও গড়গাঁৱত স্থাপন কৰাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।
যাৰ বাবে গাওঁখনৰ ৰাইজ জাঙুৰ খাই উঠাৰ লগতে প্ৰকল্পটো অনুমোদন লাভ কৰা নিদিষ্টি গাওঁখনতেই স্থাপন কৰাৰ দাবী উত্থাপন কৰে । লগতে অনিয়ম সংঘটিত কৰা গাওঁ পঞ্চায়তৰ সভাপতি গৰাকীৰ লগতে বিভাগীয় অভিযন্তাৰ গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্রহণৰো দাৱী উত্থাপন কৰিছে ।
লগতে পঢ়ক :Road Accident in Abhayapuri :তীব্ৰবেগী ব’লেৰো বাহনৰ খুন্দা কাঠভৰ্তি ট্ৰাকত; নিহত এজন