Jal Jeevan Mission : মানকাচৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত PWSS মেৰামতিৰ কামত ঠিকাদাৰৰ বৃহৎ দুৰ্নীতি
হাটশিঙিমাৰী,২৫ছেপ্তেম্বৰ : জল জীৱন আঁচনিৰ নামত ঠিকাদাৰ নীলু আহামেদ লুণ্ঠন। এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজৰ
হাহাকাৰ।মানকাচৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত PWSS মেৰামতিৰ কামত ঠিকাদাৰৰ বৃহৎ দুৰ্নীতি।
দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত থকা মানকাচৰৰ ঝগ্ৰাৰচৰত জল জীৱন মিছন আঁচনি ধোঁৱাচাঙত পৰিণত হৈছে। এটুপী বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে।
উল্লেখ্য যে যোৱা ২০২০/২১ বৰ্ষত অসম চৰকাৰৰ ফালৰ পৰা জল জীৱন মিছন আঁচনিৰ অধীনত ৫৩ লক্ষাধিক টকা আৱণ্টন দিছিল চৰকাৰে। লাভ কৰিছিল নীলু আহামেদ নামৰ এজন ঠিকাদাৰে(Jal Jeevan Mission) ।
কিন্তু উক্ত আঁচনিৰ কাম শেষ হোৱাৰ প্ৰায় দুই বছৰ পিছতো আজিলৈকে ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে(Jal Jeevan Mission)।
এই ক্ষেত্ৰত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনে এখন বিষয়া কৰ্মচাৰীয়ে খবৰ লোৱা নাই বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।
ইফালে দক্ষিণ শালমাৰা মানকাচৰ জিলাত জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰা হৈছে তাৰে অধিকাংশ আঁচনিৰ পৰা ৰাইজে লাভাম্বিত হোৱা নাই বুলি জানিবলৈ দিয়ে ৰাইজে। লগতে জিলাখনত থকা জল জীৱন মিছন আঁচনি সমূহক কার্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান দিবলৈ দাবী জনাই।