জেললৈ গৈয়ো শিক্ষা নহ’ল! আকৌ যুৱতীক নিৰ্যাতন, আকৌ পালে জেল…
ডিজিটেল ডেস্কঃ একেগৰাকী কিশোৰীক দুবাৰকৈ যৌন নিৰ্যাতন চলাই দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ হ’ল এজন পাষণ্ড যুৱক।
প্ৰথমবাৰ যৌন নিৰ্যাতনৰ অভিযোগত কাৰাবাস খাটি জামিনত মুকলি হৈ অহাৰ পিছতে পুনৰ কিশোৰীগৰাকীৰ সৈতে যৌন নিৰ্যাতন চলায় যুৱকজনে।
ইয়াৰ পিছতে আৰক্ষীয়ে পুনৰ অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে কাৰাগাৰলৈ। এই ঘটনা সংঘটিত হৈছে কেৰালাৰ কান্নুৰত।
জানিব পৰা মতে, কেৰালাৰ তিৰুৱান্তপুৰম জিলাৰ কট্টকাড়াৰ বাসিন্দা জিতেশ নামৰ ২২ বছৰীয়া যুৱকজনৰ সৈতে সামাজিক মাধ্যমযোগে পৰিচয় ঘটিছিল কান্নুৰৰ নিৱাসী এগৰাকী ১৫ বৰ্ষীয় কিশোৰীৰ।
দুমাহ পূৰ্বে যুৱকজনে কিশোৰীগৰাকীক ঘৰৰ পৰা পলুৱাই লৈ যায়। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে থালিপৰম্বা থানাত কিশোৰীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে অনুসন্ধান চলাই জুন মাহত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত জিতেশক গ্ৰেপ্তাৰ কৰে।
জুন মাহৰ পৰা কাৰাবন্দী হৈ থাকি দুসপ্তাহপূৰ্বে অভিযুক্ত জিতেশে জামিন লাভ কৰি ওলাই অহাৰ পিছতে পুনৰ জামিনৰ চৰ্ত উলংঘা কৰি কান্নুৰত উপস্থিত হয় আৰু পুনৰ কিশোৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হয়।
কিশোৰীগৰাকীৰ পৰিয়ালে এই সন্দৰ্ভত পুনৰ অভিযোগ দাখিল কৰাত আৰক্ষীয়ে অভিযান চলাই দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰে জিতেশক।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে একেটা ধাৰাতে পুনৰ গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰো সৃষ্টি কৰিছে।