Local, Vocal, Global

WATCH | Jagiroad News: মহাশিৱৰাত্ৰিলৈ মাজত মাথোঁ দুটা দিন

জাগীৰোড,২৩ফেব্ৰুৱাৰী : মহাশিৱৰাত্ৰিলৈ মাজত মাথোঁ দুটা দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তত দেৱাদিদেৱক আৰাধনাৰ প্ৰস্তুতি।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগীৰোডতো শিৱ মন্দিৰ সমূহত শিৱৰাত্ৰি পালনৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে ৷ চৈধ্যশ শতিকাতে গোভা ৰজাই স্থাপন কৰা জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজা চাৰিভাই শিৱ থানত অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত উদযাপন কৰা হব মহা শিৱৰাত্ৰি(Jagiroad News)।

ইতিমধ্যে উদযাপন সমিতিয়ে শিৱৰাত্ৰি উপলক্ষে চলাই আছে ব্যাপক প্ৰস্তুতি ৷ মন্দিৰলৈ অহা ভক্তপ্ৰাণ লোক সকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা কৰি থকা বুলি প্ৰকাশ কৰে শিৱৰাত্ৰি উদযাপন সমিতিৰ বিষয়ববীয়া জুৰচিং বৰদলৈয়ে ৷

লগতে পঢ়ক:WATCH | Sipajhar News: ছিপাঝাৰত বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ