Local, Vocal, Global

WATCH| Jagiroad News:শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সংবিধান দাহ কৰা টাইপাৰ কাণ্ডত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী

জাগীৰোড,২০ফেব্ৰুৱাৰী : শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সংবিধান খন লক্ষ্মীনাথ বেজবৰুৱা, ৰমাকান্ত মুক্তিয়াৰ আতা, হলধৰ ভূঞা, নীলমনি ফুকন আদি মহান মনিষী সকলে তৈয়াৰ কৰিছিল।

যিখন শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতিজন সংগীয়ে শীৰত লৈ ফুৰিছে ৯৪ বছৰে। তেনে এখন সংবিধানক ৰাজপথত দাহ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দি এনে কাৰ্য সংঘটিত কৰা যুৱক সকলক ন্যায়িক দণ্ড বিহিব লাগে বুলি জাগীৰোডত মন্তব্য কৰে মৰিগাঁও জিলা শাখাৰ সভাপতি অতুল চন্দ্ৰ দাসে(Jagiroad News)।

উলেখ্য যে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰৰ কেইজনমান যুৱকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতীক আৰু সংবিধান দাহ কৰাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূলে অসমৰ প্ৰতিখন থানাতে যুৱক কেইজনৰ ওপৰত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে।

এই লৈ আন আন জিলাৰ দৰে মৰিগাঁও জিলাৰ অন্তৰ্গত পশ্চিম আঞ্চলিক আৰু জাগীৰোড সদৰ আঞ্চলিক শাখাৰ লগতে ৯ খন প্ৰাথমিক শাখাই বুধবাৰে জাগীৰোড থানাত গোচৰ তৰে । লগতে অনাকাংক্ষিত এই ঘটনাত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰে। উলেখ্য যে শতাধিক ভকতে শান্তিপূৰ্ণভাৱে প্ৰায় ২০০ মিটাৰ খোজ কাঢ়ি গৈ থানাত এজাহাৰ সমূহ দাখিল কৰে।

লগতে পঢ়ক :WATCH| Nagaon News: প্ৰেমৰ ভয়ংকৰ পৰিণতি