Jagiroad News:জাগীৰোডৰ ঝাৰগাঁৱৰ একাংশ খিলঞ্জীয়া লোকৰ মাটি ভেটি হেৰুৱাৰ শংকা
জাগীৰোড,১৩ ফেব্ৰুৱাৰী : মাটি-ভেটি হেৰুওৱাৰ শংকা ৷ খিলঞ্জীয়াৰ ওপৰত একাংশ সন্দেহযুক্ত নাগৰিকৰ অত্যাচাৰ ৷ অনিশ্চয়তাত নতুন প্ৰজন্ম ৷ এয়াই এতিয়া চলিছে জাগীৰোডৰ ঝাৰগাঁৱত ৷ হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সঁচা ৷ এই কথা আমি কোৱা নাই, নিজৰ মাটি-ভেটি হেৰুওৱাৰ উপক্ৰম হোৱা নতুন প্ৰজন্মৰ কথা এয়া ৷
আমাক ৰক্ষা কৰক, আমাক জীয়াই থাকিবলৈ দিয়ক ৷ আচলতে খিলঞ্জীয়াক নিচিহ্ন কৰাৰ এয়া যেন এক নতুন পৰিকল্পনা একাংশ সন্দেহযুক্তৰ ৷ সৌ সিদিনা আহি থিতাপি লোৱা একাংশৰ ভয়-ভাবুকী, মানসিক তথা শাৰীৰিক অত্যাচাৰৰ বলি এতিয়া এওঁলোক(Jagiroad News) ৷
নিশাৰ ভিতৰতে আহি ঘৰ সাজি লোৱা চৰাঞ্চলৰ একাংশ সন্দেহযুক্ত নাগৰিকে জাগীৰোড সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁও, বুৰাবৰী, মায়ং আদি বিভিন্ন অঞ্চলত চলাইছে সন্ত্ৰাস ৷ অত্যাচাৰ সহিব নোৱাৰি ইতিমধ্যে কেইবাটাও পৰিয়ালে ত্যাগ কৰিছে মাটি-ভেটিৰ মোহ ৷ পৰিয়ালটোৰ স্বাৰ্থত মাটি-ভেটি এৰি নিজ পৰিয়াল লৈ ইতিমধ্যে স্থানান্তৰ হৈছে বহু পৰিয়াল ৷ এতিয়াও পৰি আছে সপোনৰ সেই ঘৰখন ৷ এই অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি চৰকাৰ তথা প্ৰশাসনক কাতৰ আহ্বান জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়ক:Fagun month:ফাগুন মানেই যে পলাশ,মদাৰ,শিমলুৰ ৰঙা দলিচা