Watch | Jagiroad news: জাগীৰোডৰ এজন দন্ত চিকিৎসকে গঢ়ি তুলিছে এখন ব্যতিক্ৰমী ফাৰ্ম
জাগীৰোড: যিটো সময়ত নিবনুৱা যুৱক যুৱতীয়ে মৎস্য পালন , খেতি , পশু পালন আদিৰ জড়িয়তে নিজৰ স্বাবলম্বীতাৰ পথ বাছি লৈছে তেনে সময়ত জাগীৰোডৰ এজন দন্ত চিকিৎসকে গঢ়ি তুলিছে এখন ব্যতিক্ৰমী ফাৰ্ম৷
জাগীৰোড চাৰাংকুছিত এজন চিকিৎসকে গঢ়ি তুলিছে এখন ব্যতিক্ৰমী ফাৰ্ম খন৷ জাগীৰোডৰ দন্ত চিকিৎসক দীপক শইকীয়াই নিচেই কম মাটিত গঢ়ি তুলিছে ব্যতিক্ৰমী ফাৰ্ম খন৷ উক্ত ফাৰ্মত বিভিন্ন ধৰণৰ মাছ , কাছ , হাঁহ , কুকুৰা আৰু বিভিন্ন প্ৰজাতিৰ চৰাই পালন কৰা দেখিবলৈ পোৱা যায় ৷ বিভিন্ন ফলমূল , বিভিন্ন ধৰনৰ ফুল আৰু শাক পাচলিৰ খেতি কৰাও দেখিবলৈ পোৱা যায় ফাৰ্ম খনত ৷
উক্ত ফাৰ্ম খনত চিকিৎসক জনে মৌ পালনো কৰিছে ৷ দিনৰ দিনটো দন্ত চিকিৎসাৰ লগত জড়িত থাকি আজৰি সময়ত উক্ত ফাৰ্ম খনত ব্যস্ত থাকে বুলি চিকিৎসক দীপক শইকীয়াই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : Watch |Teok news: টীয়কত জলজীৱন মিচনৰ নামত ভেকুভাওনা