Local, Vocal, Global

WATCH | Jagiroad News : জাগীৰোডত ৮৩ কটন কলেজিয়েট বিনামূলীয়া স্বাস্থ্য শিৱিৰ

জাগীৰোড,১৫জুন : অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ৮৩’ কটন কলেজিয়েট ‘বান্ধৈ’ আৰু ‘আশা’ অসম সংঘৰ কুৱেইটৰ উদ্যোগত দেওবাৰে জাগীভকত গাঁও সমূহীয়া ভৱন প্ৰাংগনত এক বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয়(Jagiroad News)।

মৰিগাঁও জিলা প্ৰশাসনৰ তত্বাৱধানত অনুষ্ঠিত স্বাস্থ্য শিৱিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে। আনহাতে প্ৰায় ডেৰ শতাধিক ৰোগীক অভিজ্ঞ চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষাৰ কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত হৈ মৰিগাঁও জিলাৰ সদ্য বিদায়ী আয়ুক্ত দেৱাশীষ শৰ্মাই স্বাস্থ্য সেৱাৰ লগত জড়িত থাকি মানৱ সেৱাত ব্ৰতী থকা প্ৰতিজনকে ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত গুৱাহাটীৰ হেল্থ চিটি চিকিৎসালয়ৰ পৰিচালন সঞ্চালক ড° অতনু বৰঠাকুৰ, কে জি এম টি চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া বিশ্বজিৎ গোস্বামী, বান্ধৈ’ৰ সভাপতি প্ৰাণ প্ৰতিম চলিহা, অসম ড্ৰাগছ এচ’ছিয়েছন মৰিগাঁৱৰ সম্পাদক জীতেন বৰা আৰু ঝাৰগাঁও বহুমুখী চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডা: পৱন পাতৰ উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Ranjeet Kumar Dass : মুছলপুৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদমেল