WATCH | Jagiroad News : নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলে অনাদায় হৈ থকা প্ৰাপ্য ধন বিচাৰি চৰকাৰৰ ওচৰত আবেদন

জাগীৰোড,৪জুন : নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলে অনাদায় হৈ থকা প্ৰাপ্য ধন বিচাৰি চৰকাৰৰ ওচৰত আবেদন।ইতিমধ্যে বন্ধ হোৱা নগাঁও কাগজ কলৰ ভূমিত নিৰ্মাণ হৈ আছে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প ৷
অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকে কয় যে চৰকাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিছে যদিও বৰ্তমানলৈ কৰ্মচাৰী সকলৰ প্ৰাপ্য ধনৰ কিছু অংশ এতিয়াও অনাদায় হৈ আছে(Jagiroad News)৷
এই সন্দৰ্ভত কৰ্মচাৰী সকলে আইনৰ আশ্ৰয় লৈছে যদিও অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায় কৰ্মচাৰী সকলে ৷
আনহাতে সম্প্ৰতি বয়স বৃদ্ধিৰ লগে লগে তেওঁলোকৰ আন্দোলন কৰাৰ শক্তি কমা বুলি উল্লেখ কৰি কৰ্মচাৰীসকলৰ ভৱিষ্যনিধি আৰু স্বাস্থ্য বীমা সন্দৰ্ভত পাবলগীয়া ধন ৰাশি মোকলাই দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বন্ধ হৈ যোৱা নগাওঁ কাগজ কলৰ কৰ্মচাৰী সকলে ৷ লগতে কাগজ কলৰ কৰ্মচাৰীৰ পুত্ৰ-কন্যাক দক্ষতা অনুযায়ী টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত নিযুক্তি প্ৰদান কৰাত চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দৃষ্টি নিক্ষেপ কৰিবলৈ অনুৰোধ জনায়৷
লগতে পঢ়ক : WATCH | Gaurav Gogoi : APCCৰ সভাপতিৰ দায়িত্ব লৈ শিলচৰত উপস্থিত গৌৰৱ গগৈ