Local, Vocal, Global

WATCH | Jagiroad News : মায়ং আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন কৰা দুই গৰু চোৰক পুনৰ গ্ৰেপ্তাৰ

জাগীৰোড,৩জুন : মায়ং আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা দুই গৰু চোৰক পুনৰ গ্ৰেপ্তাৰ ৷ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত ঝাৰগাঁও বঢ়মপুৰৰ পৰা আজাদুল ইছলাম আৰু মুছাৰফ আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Jagiroad News)৷

সোমবাৰে আদালতৰ পৰা মায়ং আৰক্ষী থানালৈ নিয়াৰ সময়তে আৰক্ষীৰ গাড়ীৰ পৰা হেণ্ডকাফ খুলি পলায়ন কৰিছিল চোৰ দুটাই ৷ নিশাৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি নাৱেৰে গৈ দুয়োটা চোৰে আত্মগোপন কৰি আছিল আত্মীয়ৰ ঘৰত ৷ স্থানীয় লোকৰ সহায়ত মঙলবাৰে পুনৰ দুয়োটা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে সম্প্ৰতি ৰখা হৈছে জাগীৰোড আৰক্ষী থানাত ৷

উল্লেখ্য যে, দেওবাৰে ৰাইজে উত্তম মধ্যম সোধাই কুখ্যাত গৰুচোৰ আজাদুল আৰু মুছাৰফক গতাই দিছিল আৰক্ষীক ৷ সোমবাৰে আদালতত হাজিৰ কৰাই দুদিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে ৷ আদালতৰ পৰা আৰক্ষী থানা নৌপাওঁতেই মায়ঙৰ কুচিয়ানী গাঁৱত আৰক্ষীৰ বাহনৰ পৰা পলায়ন কৰিছিল দুয়োটা চোৰে ৷ খোদ আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফ খুলি দুটাকৈ গৰুচোৰ পলায়ন কৰা ঘটনাই চকু কপালত তুলিছে সাধাৰণ জনতাৰ ৷

লগতে পঢ়ক : WATCH | Jorhat News : বিতৰ্কিত আজাদ চৌধুৰীৰ সম্পত্তিত প্ৰশাসনৰ উচ্ছেদ