Local, Vocal, Global

WATCH | Jagiroad News : জাগীৰোডত মইনা পাৰিজাতৰ দুটি শাখাৰ শুভ উদ্বোধন

জাগীৰোড,২জুন : জাগীৰোডৰ আমলিঘাটতত মইনা পাৰিজাতৰ দুটি শাখা শুভ উদ্বোধন।

জাগীৰোডৰ আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদন সমবায় সমিতিৰ পৃষ্ঠাপোষকতাত তথা সীতাজখলা মইনা পাৰিজাতৰ উদ্যোগত অসমত শিশুৰ সৰ্বাঙ্গীন বিকাশৰ হকে আৰম্ভ হোৱা এক বেচৰকাৰী অনুষ্ঠান মইনা পাৰিজাত দুটি শাখা বনগাঁও মইনা পাৰিজাত শাখা তথা উদামাৰী মইনা পাৰিজাত শাখা দুইটি শুভ মুকলি কৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ।

বনগাঁও মইনা পৰিজানত শাখাটি পতাকা উত্তোলন কৰে সদৌ অসম মইনা পৰিজাতৰ সম্পাদক ৰাতুল বৰাই। এই অনুষ্ঠানত বিশিষ্ট অভিনেতা কুমুদ মাধৱ ডেকা আৰু আদৰ্শ খেতিয়ক অনন্ত বড়োক সম্বৰ্ধনা জনোৱা হয় লগতে এই অনুষ্ঠানত বনগাঁও মইনা পাৰিজাত মইনা সকলে পৰিৱেশন কৰে বিভিন্ন সংগীতানুস্থান(Jagiroad News)।

এই অনুষ্ঠানত সীতাজখলা সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা ,ঐতিহাসিক তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰসিং বৰদলৈৰ লগতে কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে।

লগতে পঢ়ক :WATCH | Bilasipara News : বৰষুণৰ পানীয়ে বুৰালে ৰাণীগঞ্জৰ বিস্তৃৰ্ণ খেতিপথাৰ