Local, Vocal, Global

WATCH | Jagiroad News : জাগীৰোডত নিষিদ্ধ থাইলেণ্ড মাগুৰ জব্দ

জাগীৰোড,২৬মে’ : জাগীৰোডত অব্যাহত আছে নিষিদ্ধ থাইলেণ্ড মাগুৰৰ ৰমৰমীয়া বেহা ৷ মানুহৰ জীৱন আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই ফুৰা এই নিষিদ্ধ মাছৰ ব্যৱসায় চলাই গৈছে এটা বৃহৎ চক্ৰই ৷

জাগীৰোডৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা নাগালেণ্ড,মণিপুৰ আৰু ডিমাপুৰলৈ সৰবৰাহ হয় এই নিষিদ্ধ থাইলেণ্ড মাগুৰ ৷ আৰক্ষীৰ চকুত ধুলি দি নিশাৰ ভাগত মাগুৰ ভৰ্তী বাহন সমূহ পাৰ হয় ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে(Jagiroad News)৷

এইবাৰ নিষিদ্ধ মাছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে জাগীৰোড আৰক্ষী ৷ এক গোপন সুত্ৰৰ পম খেদি চলোৱা অভিযানত জাগীৰোডৰ বুৰাবুৰীৰ পৰা ডিমাপুৰলৈ নিষিদ্ধ থাইলেণ্ড মাগুৰ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ জালত পৰে এখন নম্বৰ বিহীন বাহন ৷ বাহনখনত আছিল প্ৰায় ২৩ কুইন্টল নিষিদ্ধ মাছ ৷

চালকৰ ভাষ্য অনুসৰি মৈৰাবাৰীৰ জাকিৰ হুছেইন নামৰ এজন লোকে চলাই আহিছে এই ব্যৱসায় ৷ পৰৱৰ্তী সময়ত মীন বিভাগৰ বিষয়াৰ উপস্থিতিত গাঁত খান্দি পুতি থোৱা হয় বৃহৎ পৰিমানৰ নিষিদ্ধ থাইলেণ্ড মাগুৰ ৷

উল্লেখ্য যে, এই বিশেষ মাছবিধত দুৰাৰোগ্য কৰ্কট ৰোগৰ বীজাণু পোৱাৰ লগতে ই ভক্ষণ কৰে থলুৱা মাছ সমূহ ৷ সেয়ে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি স্বৰূপ এই থাইলেণ্ড মাগুৰৰ পালন, বিক্ৰী আৰু সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৷ কিন্তু ন্যায়ালয়ৰ নিষেধাজ্ঞাকো কেৰেপ নকৰি একাংশ দুষ্টচক্ৰই নিজ মুনাফা আদায়ৰ লক্ষ্যৰে চলাই গৈছে নিষিদ্ধ মাছৰ গোপন আৰু ৰমৰমীয়া বেহা ৷ আগন্তুক দিনত এই নিষিদ্ধ মাছৰ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে কি ভূমিকা পালন কৰে সেয়াহে হ’ব লক্ষনীয় বিষয় ৷

লগতে পঢ়ক : WATCH | Sankor Jyoti Baruah: গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন পোৱাৰ পিছত কি ক’লে শংকৰজ্যোতি বৰুৱাৰ অধিবক্তাই?