Local, Vocal, Global

WATCH | Jagiroad News : জাগীৰোডৰ পলাচুং গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি

জাগীৰোড,২৪,মে’ : ড্ৰাগছ সৰবৰাহক কেন্দ্ৰ কৰি শুক্ৰবাৰে নিশা জাগীৰোডৰ পলাচুং গাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ড্ৰাগছ সৰবৰাহত জড়িত এজন যুৱকক আটক কৰিলে ৰাইজে। ড্ৰাগছ বিক্ৰীৰ সময়ত ৰাইজে আটক কৰে সঞ্জীৱ ডেকাক নামৰ যুৱকজনক।

নেলীৰ আছিকুল ইছলাম নামৰ এজন যুৱকক ৫০০ টকাৰ বিনিময়ত ড্ৰাগছ যোগান ধৰাৰ সময়তে হাতে লোটে ধৰে স্থানীয় একাংশ লোকে ৷ পূৰ্বেও বিভিন্ন অনৈতিক আৰু সমাজ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ গুৰুতৰ অভিযোগ পৰিয়ালটোৰ বিৰুদ্ধে(Jagiroad News)৷

বহুদিনৰ পৰা পৰিয়ালটো ওপৰত চোকা দৃষ্টি ৰাখিছিল স্থানীয় সচেতন লোকে ৷ অৱশেষত শুক্ৰবাৰে নিশা ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে হাতে লোটে ধৰিবলৈ সক্ষম হয় সঞ্জীৱ ডেকা আৰু আছিকুল ইছলামক ৷

ঘটনা সন্দৰ্ভত জাগীৰোড আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক উপস্থিত হৈ আটক কৰে দুয়োকে ৷ অৱশ্যে AS-01DN-7020 নম্বৰৰ এখন বাইকত অহা আন এটা ড্ৰাগছ সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ অভিযোগ অনুসৰি উক্ত পৰিয়ালটোৱে চৰকৰী ভূমি বেদখলেৰে অঞ্চলটোত দীৰ্ঘদিনে চলাই গৈছে ড্ৰাগছ সৰবৰাহ আৰু বিভিন্ন সমাজ বিৰোধী কাৰ্যকলাপ ৷

লগতে পঢ়ক : WATCH | 1 traffickers arrested with morphine: বোকাজানৰ খটখটীত প্ৰায় ৫ কোটি টকাৰ মৰফিনসহ এজন সৰবৰাহকাৰী আটক