Local, Vocal, Global

WATCH | Jagiroad News : জাগীৰোডত পুনৰ অনুষ্ঠিত হ’ব বাতিল হোৱা বিহু

জাগীৰোড,১৪মে’ : জাগীৰোডত পুনৰ অনুষ্ঠিত হ’ব বাতিল হোৱা বিহু ৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে পুনৰ বিহু উদযাপন কৰাৰ সিদ্ধান্ত নখোলা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ ৷

ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে বিহু উদযাপন নকৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনাইছিল আহ্বান ৷ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বাতিল কৰা হৈছিল বসন্ত উৎসৱ(Jagiroad News) ৷

কিন্তু শেহতীয়াকৈ যুদ্ধৰ পৰিৱেশ কিছু হ্ৰাস হোৱাত ব’হাগৰ শেষৰ দিনটোলৈ বিহু অনুষ্ঠিত কৰিব পাৰিব বুলি জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সেয়ে ৩১ ব’হাগ অৰ্থাৎ ১৫ মে’ত এদিনীয়াকৈ বসন্ত উৎসৱ উদযাপনৰ দিহা কৰিছে নখোলা আঞ্চলিক ব’হাগী উৎসৱ উদযাপন সমিতিয়ে ৷

উক্ত দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী আনায়া ব্ৰহ্মই ৷ সকলো বিষয়ববীয়াৰ উপস্থিতিত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে নখোলা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰাজু ডেকা,সম্পাদক নিৰেণ বৰদলৈ আৰু মুখ্য উপদেষ্টা বাবুল কৰ্মকাৰে ৷

উক্ত দিনাৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে বিহু উদযাপন সমিতিয়ে ৷ উল্লেখ্য যে উক্ত বিহু কাৰ্যসূচীৰ লগত সংগতি ৰাখি বুধবাৰে অনুস্থিত কৰে এক পাঞ্জা প্ৰতিযোগিতা ৷ উক্ত পাঞ্জা প্ৰতিযোগিতাত জাগীৰোড তথা মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰায় শতাধিক পাঞ্জা খেলুৱৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : WATCH | Silchar News : বন্ধ শিলচৰ-কালাইন সংযোগী ৰাষ্ট্রীয় ঘাইপথ