WATCH | Jagiroad News : সুদীৰ্ঘ ২৫ বছৰ পিছত এইবেলি মেঘালয়ৰ লুমফৈ গাঁৱত অনুষ্ঠিত হ’ব পৰম্পৰাগত উৎসৱ ছগ্ৰা
জাগীৰোড,১৪এপ্ৰিল : তিৱা জনগোষ্ঠীৰ বসন্ত উৎসৱ হৈছে ছগ্ৰা উৎসৱ ৷ এই কৃষিভিত্তিক উৎসৱটো বিশেষকৈ চ’ত-বহাগ মাহত উদযাপন কৰা হয় ৷ সুদীৰ্ঘ ২৫ বছৰ পিছত এইবেলি মেঘালয়ৰ লুমফৈ গাঁৱত অনুষ্ঠিত হ’ব লুপ্ত পাবলৈ ধৰা এই পৰম্পৰাগত বসন্ত উৎসৱ ছগ্ৰা ৷
অহা ১৭, ১৮ আৰু ১৯ এপ্ৰিলত এই উৎসৱ উদযাপন কৰিব মেঘালয়ত বসবাস কৰা তিৱা সকলে ৷ এই উৎসৱ উদযাপনৰ বাবে প্ৰয়োজন হয় গোভা দেওঁৰজাৰ অনুমতিৰ ৷ সেয়ে প্ৰায় ৪০ কিলোমিটাৰ পাহাৰীয়া লুংলুঙীয়া বাটেৰে ৰজাৰ অনুমতি লবলৈ পদব্ৰজে তিৱা জনগোষ্ঠীৰ সমাজৰ বা-বিষয়া আহি উপস্থিত হয় জাগীৰোডত(Jagiroad News)৷
জাগীৰোডত এই লোক সকলক আদৰণি জনোৱাৰ লগতে কৰা হয় আপ্যায়নৰ ব্যৱস্থা ৷ জাগীৰোডত থকা গোভা দেওঁৰজা দ্বীপসিং দেওঁৰজাৰ অনুমতি লৈ এওঁলোক পুনৰ ৰাওনা হ’ব মেঘালয়ৰ লুমফৈ গাঁৱলৈ ৷ উল্লেখ্য যে, এই বসন্ত উৎসৱ ছগ্ৰা উৎসৱ উদযাপনৰ পিছতে ঝুমখেতি আৰম্ভ কৰাৰ এক পৰম্পৰা চলি আহিছে তাহানিৰে পৰা ৷
কিন্তু বিভিন্ন কাৰণত এই উৎসৱ পালন কৰাৰ পৰা বিৰত আছিল যদিও সুদীৰ্ঘ ২৫ বছৰ পিছত পুনৰ এই পৰম্পৰা আৰম্ভ কৰিবলৈ ওলাইছে মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীয় লোকসকলে ৷
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: বঙাইগাঁও জিলাৰ বইটামাৰীৰ বেছিমাৰীতো পালন গৰু বিহু